অসম

assam

চুলাই ভাটিত প্ৰশাসনৰ উচ্ছেদ

ETV Bharat / videos

Tinsukia Illegal liquor distillery case : টিপুকত পিতা-পুত্ৰসহ দুই শ্ৰমিকৰ মৃত্যু হোৱা চুলাই ভাটিত প্ৰশাসনৰ উচ্ছেদ অভিযান - অবৈধ চুলাই প্ৰস্তুত

By

Published : Aug 17, 2023, 5:40 PM IST

তিনিচুকীয়া, ১৭ আগষ্ট :তিনিচুকীয়া জিলাৰ তালাপৰ টিপুকত অবৈধ চুলাই ভাটীত বৃহস্পতিবাৰে জিলা প্ৰশাসনে জে চি বিৰে উচ্ছেদ অভিযান চলায় ৷ যোৱা ১০ আগষ্টত ডুমডুমাৰ সমীপৰ তালাপৰ টিপুকৰ এই চুলাই ভাটিত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা ৷ অবৈধ চুলাই প্ৰস্তুত কৰা গাঁতত আবদ্ধ হৈ মৃত্যু হৈছিল পিতা-পুত্ৰ সহ চাৰিজনকৈ লোকৰ ৷

ৰামপ্ৰসাদ ৰায় নামৰ লোক জনে বিগত প্ৰায় ৩৪ বছৰ ধৰি ঘৰতে চলাই অহা অবৈধ ভাৱে চুলাই মদ প্ৰস্তুত কৰা টেংকিত সোমাই 4 জনৰ মৃত্যু হৈছিল ৷ নিহত লোককেইজন আছিল ক্ৰমে ৰামপ্ৰসাদ ৰায় (৭০) তেখেতৰ পুত্ৰ পটৰজি ৰায় (৪০) আৰু লগতে দুগৰাকী শ্ৰমিক জগদীশ গোৱালা (কয়া) (৪০), পুকলা কিষান (৩৮) ৷

ইয়াৰ পূৰ্বতেও জিলা প্ৰশাসনে উচ্ছেদ কৰিছিল এই বৃহৎ চুলাই ভাটিটো ৷ যোৱা ১০ আগষ্টত সংঘটিত হৈ যোৱা ভয়ংকৰ ঘটনাৰ পাছত আজি ডুমডুমা ৰাজহ চক্ৰ বিষয়া ৰণন্ময় ভৰদ্বাজ, তালাপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আৱকাৰী বিভাগৰ লোকৰ উপস্থিতিত জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই এই বৃহৎ চুলাই ভাটিটো ৷

উল্লেখ্য যে, ৰাম প্ৰসাদ ৰায় ওৰফে চেৰ্পা নামৰ লোকজনে অবৈধভাৱে চাহ বাগিছাৰ মাটি দখল কৰি অত্যাধুনিকভাৱে মটৰ স্থাপন কৰি,অবৈধভাৱে চুলাই ভাটি স্থাপন কৰি বছৰ বছৰ ধৰি চুলাই প্ৰস্তুত কৰি আহিছিল ৷ যোৱা বছৰ জিলা প্ৰশাসনে এই ভাটিত উচ্ছেদ অভিযান চলাইছিল যদিও পুনৰ আৰম্ভ কৰিছিল চুলাই ভাটিটো ৷ 

লগতে পঢ়ক :Dead body recovered: 24 ঘন্টাৰ ভিতৰত গুৱাহাটীত উদ্ধাৰ চতুৰ্থটো মৃতদেহ

ABOUT THE AUTHOR

...view details