অসম

assam

By

Published : Dec 15, 2022, 3:15 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / videos

Illegal Burmese supari seized : ৰঙিয়াত বাৰ্মিজ চুপাৰিসহ ৪ জনক আটক

ৰাজ্যত বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহ অব্যাহত আছে (Burmese supari smuggling)। ব্যৱসায়ীয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰি বাৰ্মিজ চুপাৰি সৰবৰাহ কৰি আছে । ইয়াৰ মাজতে ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা । ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই বিলাসী বাহনৰ পৰা জব্দ কৰে ২৫ বস্তা বাৰ্মিজ চুপাৰি (Illegal Burmese supari seized at Rangia)। শিলচৰৰ পৰা বিজনী অভিমুখী AS-01-AD-0333 নম্বৰ আৰু AS-19-D-7473 নম্বৰৰ দুখন বাহনৰ পৰা বাৰ্মিজ চুপাৰিখিনি জব্দ কৰা হয় ৷ বাহন দুখনৰ পৰা জব্দ কৰা ১,২১৫ কেজি ৩০০ গ্ৰাম বাৰ্মিজ চুপাৰিৰ বজাৰ মূল্য প্ৰায় চাৰি লক্ষাধিক টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে বাৰ্মিজ চুপাৰিসহ ৪ জন সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হৈছে (4 detained with Burmese supari) ৷ আটকাধীন সৰবৰাহকাৰী কেইজন ক্ৰমে চিৰাং জিলাৰ বিজনীৰ জাকিৰ হুছেইন আৰু ফৰিদ আলম, ঢালিগাওঁৰ নাজিৰ শ্বেখ আৰু বঙাইগাঁও জিলাৰ মাণিকপুৰৰ নুৰুল হক । সম্প্ৰতি আটাইকেইজনকে ৰঙিয়া থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details