অসম

assam

মৈৰাবাৰীত অবৈধ ইটাভাটা উচ্ছেদ

ETV Bharat / videos

মৈৰাবাৰীত অবৈধ ইটাভাটা উচ্ছেদ, জিলা আয়ুক্তৰ কঠোৰ নিৰ্দেশনা

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 6:50 AM IST

মৰিগাঁও, 30 নৱেম্বৰ :মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ SR ইটা ভাটাত জিলা প্ৰশাসনৰ হাতোৰা। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত অবৈধ ইটাভাটাত উচ্ছেদ ৷ কোনোধৰণৰ অনুজ্ঞা পত্ৰ নোহোৱাকৈয়ে ইটা ভাটাটোৰ সমগ্ৰ কাম-কাজ চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ৷ জিলা প্ৰশাসনৰ ফালৰ পৰা জাননী দিয়াৰ পিচতো দাখিল কৰা নাছিল ভাটাটোৰ অনুমতি পত্ৰ কিম্বা অনুজ্ঞাপত্ৰ। 

উল্লেখ্য যে, সোমবাৰে এই ইটা ভাটাটোৰ মাটি কঢ়িওৱা এখন ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত হৈছিল খাদিজা বেগম নামৰ এগৰাকী 7 বছৰীয়া কিশোৰী ৷ তাৰ পিচতেই বুধবাৰে স্থানীয় দণ্ডাধীশে তলা ওলোমাইছিল মৈৰাবাৰীৰ SR ইটা ভাটাটোত। অৱশেষত বৃহস্পতিবাৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নিজেই এক্সেভেটৰ আৰু আৰক্ষী বাহিনী লগত লৈ ভাঙি চুৰমাৰ কৰে অবৈধভাৱে চলি থকা ইটা ভাটাটো। 

তাৰ পিচতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই দুৰ্ভগীয়া পৰিয়ালৰ কাষত উপস্থিত হৈ পৰিয়ালটোলৈ আৰ্থিক অনুদান আগবঢ়ায় ৷ 

লগতে পঢ়ক:টংলাত প্ৰথমবাৰৰ বাবে বৰশীৰে মাছধৰা প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details