Suspected Bangladeshi youth: কৰিমগঞ্জ ৰে’ল ষ্টেচনত অবৈধ বাংলাদেশী যুৱক আটক - কৰিমগঞ্জ ৰে’ল ষ্টেচনত অবৈধ বাংলাদেশী যুৱক
কৰিমগঞ্জত এজন বাংলাদেশী যুৱক আটক হোৱাৰ ঘটনা পোহৰলৈ আহিছে (Karimganj railway station ) ৷ আগৰতলা বদৰপুৰ ৰে’লৰ পৰা আটক কৰা হৈছে মোহাম্মদ হাছান নামৰ এজন অবৈধ বাংলাদেশী যুৱকক (Illegal Bangladeshi youth detained at Karimganj railway station )। ৰে’লৰ যাত্ৰীসকলৰ যুৱকজনক দেখি সন্দেহৰ স়ষ্টি হোৱাত কৰিমগঞ্জ ৰে’ল আৰক্ষীক অৱগত কৰে ৷ ৰে’ল আৰক্ষীয়ে লগে লগে যুৱকজনক ৰে’লৰ পৰা আটক কৰি সোধপোছ কৰে ৷ যুৱকজনৰ নাম মহম্মদ হাছান বুলি জানিব পৰা গৈছে ৷ যুৱকজনক শৰণাৰ্থী শিৱিৰৰ পৰৰ পলাই অহা বাংলাদেশী বুলি সন্দেহ কৰি আৰক্ষীক অৱগত কৰিছিল (Suspected Bangladeshi youth detained) ৷ যুৱকজনৰ হাতত নাছিল কোনো বৈধ নথি-পত্ৰ । আগৰতলা ৰে’ল ষ্টেচনৰ পৰা ট্ৰেইনত উঠিছিল বুলি যুৱকজনে কয় ৷ আৰক্ষীৰ সোধা-পোছত নিজকে বাংলাদেশৰ নাগৰিক বুলিও পৰিচয় দিয়ে । কিহৰ বাবে অবৈধ পন্থাৰে বাংলাদেশৰ পৰা ভাৰতলৈ যুৱকজনে প্ৰবেশ কৰিছিল এই সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে ।
Last Updated : Feb 3, 2023, 8:32 PM IST