Majuli Mob Lynching incident : মাজুলীৰ বাঘগাঁৱৰ গণ প্ৰহাৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে আগবঢ়াই নিয়াৰ নিৰ্দেশ IGP জিৎমল দলেৰ - IGP জিৎমল দলে
মাজুলী, 15 জুন :নামনি মাজুলীৰ বাঘগাঁৱত চোৰৰ সন্দেহত একাংশ লোকে মাজুলীৰ মেৰুৱাবাৰীৰ দিব্যজ্যোতি নাথ নামৰ যুৱকজনক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল । মুমূৰ্ষ অৱস্থাত এই যুৱকজনক বালিচাপৰি আৰক্ষীয়ে উদ্ধাৰ কৰিছিল । মাজুলীৰ বাঘগাঁৱৰ এই গণ প্ৰহাৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে আগবঢ়াই নিয়াৰ নিৰ্দেশ IGP জিৎমল দলেৰ ।
IGP জিৎমল দলে কয়, ‘‘এই গোটেই বিষয়টোৰ ওপৰত যিবোৰ অভিযোগ আহি থাকিব সেইবোৰ গ্ৰহণ কৰিব । এই ঘটনাৰ ওপৰত যিমানবোৰ তথ্য আহি থাকিব সিমানেই পুলিচৰ বাবে কাম কৰিবলৈ ভাল হ’ব’’ ৷ IGP জিৎমল দলেৰ আহ্বান কোনোবাই যদি এই বিষয়টোৰ ওপৰত আৰু তথ্য দিব বিচাৰে সেইবোৰ দিব পাৰে ।
তথ্য অনুসৰি, এই গণপহাৰ ঘটনাৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । ইয়াৰ লগতে গাঁওৰক্ষী বাহিনী আৰু গাঁও প্ৰধান তদন্ত আওতালৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে । মাজুলী আৰক্ষীকক গোটেই ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ নিৰ্দেশ IGP গৰাকীৰ ।
ইফালে বাঘগাঁৱৰ গণপহাৰৰ বলি হোৱা যুৱকজনক বালিচাপৰি আৰক্ষী চকীলৈ আনি তেওঁক মুকলি কৰি দিয়াৰ বাবে তেওঁৰ পিতৃৰ পৰা ২৫০০ টকা ঘোষ লোৱা বুলি অভিযোগ উঠা বালি চাপৰি আৰক্ষী চকীৰ SI দ্বীপজ্যোতি কাকতি গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :Majuli SI: ধন দাবীৰ অভিযোগত মাজুলীৰ উপ-পৰিদৰ্শকক ৰিজাৰ্ভ ক্ল’জ