অসম

assam

ETV Bharat / videos

IED recovered: সৌভাগ্যক্ৰমে ৰক্ষা পৰিল মাকুম; কোনে ৰাখিছিল IED ? - বোমা বিশেষজ্ঞ

🎬 Watch Now: Feature Video

কোনে ৰাখিছিল IED

By

Published : Apr 26, 2023, 5:48 PM IST

তিনিচুকীয়া, ২৬ এপ্ৰিল: বুধবাৰে তিনিচুকীয়া জিলাৰ মাকুম বাইপাছ পথৰ উৰণীয়া সেতুত উদ্ধাৰ হয় এটা IED (IED recovered at Makum) ৷ ভাৰতীয় সেনা বাহিনীৰ তহলদাৰী দ’লে পুৱা প্ৰায় ১০ বজাত IED টো প্ৰত্যক্ষ কৰি IED টো উদ্ধাৰ কৰে (IED blast at Makum) ৷ তাৰ পাচতে পুৱাৰ পৰা বাইপাছৰ পথটো সম্পূৰ্ণ বন্ধ কৰি ৰাখে আৰক্ষী আৰু সেনাবাহিনীয়ে ৷ এই ঘটনাৰ পিচতে সমগ্ৰ মাকুমত বোমাৰ আতংকৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত দিনজান সেনা চাউনিৰ বোমা বিশেষজ্ঞৰ এটা দল উপস্থিত হৈ দিনৰ প্ৰায় ১২ বজাত IED টো পথৰ কাষৰ সুৰক্ষিত স্থানত বিস্ফোৰিত কৰে  ৷  

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে (SP Gourav Abhijit Dilip on IED recovered) ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া অনুসৰি, মাকুম বাইপাছ পথেৰে ভাৰতীয় সেনা বাহিনীৰ দলে প্ৰতিদিনে তহল দিবলৈ আহে ৷ আজি পুৱাও প্ৰায় ১০ বজাত সেনা বাহিনীৰ এটা দলে তহল দিবলৈ আহিছিল ৷ 

তেনে সময়তে উৰণীয়া সেতুৰ সমীপত এটা সন্দেহজনক IED দেখা পাই পথটো বন্ধ কৰি দিয়ে আৰু পৰৱৰ্তী সময়ত দিনজান সেনা চাউনিৰ বোমা বিশেষজ্ঞ আহি IED টো বিস্ফোৰিত কৰে ৷ IED টো বৰ বিশেষ শক্তিশালী নাছিল যদিও বিস্ফোৰণ কৰাৰ পাচতে বিস্ফোৰকসমূহ ফৰেনছিকলৈ প্ৰেৰণ কৰা হৈছে ৷  

লগতে পঢ়ক:Bandana Kalita Murder case update: অনুতপ্তহীন কাৰাবন্দী বন্দনা কলিতা, অভিযোগনামা দাখিলৰ প্ৰস্তুতি নুনমাটি আৰক্ষীৰ

এই IED টো কোনোবা উগ্ৰপন্থী সংগঠনে কূটাঘাতমূলক ঘটনা সংঘটিত কৰিবলৈ ৰাখিছিল নেকি এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷ 

ABOUT THE AUTHOR

...view details