অসম

assam

ধেমাজি অসামৰিক চিকিৎসালয়

ETV Bharat / videos

Dhemaji Civil Hospital:ৰোগীৰ বাবে সাজু ধেমাজি অসামৰিক চিকিৎসালয়ৰ ICU

By

Published : Jul 18, 2023, 7:59 PM IST

ধেমাজি, ১৮ জুলাই : শীঘ্ৰে ধেমাজি অসামৰিক চিকিৎসালয়ত ৰোগীৰ বাবে মুকলি হ'ব ICU ইউনিট ৷ এই ICU ত আছে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা ২০খন বিচনা ৷ ইতিমধ্যে এই ICU ইউনিটৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে ৷ সেয়ে কিছু দিনৰ পিছতে জৰুৰীকালীন অৱস্থাত চিকিৎসা কৰিবলগীয়া ৰোগীয়ে ধেমাজি অসামৰিক চিকিৎসালয়ৰ এই ICU ইউনিটত গ্ৰহণ কৰিব পাৰিব ৷

উল্লেখ্য যে ২০২০ চনৰ ২৯ অক্টোবৰত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ক'ভিড স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মাণকাৰ্য শুভাৰম্ভণি কৰাৰ পিছত চলিত বছৰৰ যোৱা ২৬ জুনত তেওঁ ভাৰ্চুৱেলী মুকলি কৰিছিল ICU টো ৷ দুই এটা কাম সম্পূৰ্ণ কৰা পিছতে ধেমাজি স্বাস্থ্য বিভাগে আনুষ্ঠানিকভাৱে ৰোগীৰ বাবে মুকলি কৰিব ক'ভিড স্বাস্থ্য কেন্দ্ৰটো ৷ ধেমাজি স্বাস্থ্যখণ্ডত সংযোজন ঘটা অভূতপূৰ্ব এই ICU unitৰ জৰিয়তে ধেমাজিবাসীয়ে যথেষ্ট উপকৃত হব পাৰিব বুলি আশা প্ৰকাশ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ৷

লগতে পঢ়ক:Jonai News: জোনাইৰ নিৰ্মীয়মান অসামৰিক চিকিৎসালত মেলিছে ফাঁট; বিসংগতিৰ অভিযোগ আছুৰ

ABOUT THE AUTHOR

...view details