অসম

assam

একেডাল জৰীৰেই আত্মহত্যা কৰিলে স্বামী-স্ত্ৰীয়ে

By

Published : Feb 15, 2023, 8:43 PM IST

ETV Bharat / videos

Husband Wife Suicide at Moran : একেডাল জৰীৰেই আত্মহত্যা স্বামী-স্ত্ৰীৰ

ডিব্ৰুগড়, 15 ফেব্ৰুৱাৰী : ডিব্ৰুগড়ৰ জিলাৰ মৰাণত বুধবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা ৷ ঘৰৰ ভিতৰতে একেডাল ৰচীতে চিপ লৈ আত্মহত্যা কৰিলে পতী-পত্নীয়ে (Husband Wife Suicide at Moran) ৷ ঘটনা অনুসৰি মৰাণ থানাৰ অন্তৰ্গত চেপন বঠাবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷ গৌতম নায়ক (৩২) আৰু পূৰ্ণিমা নায়কক (২৮) বুধবাৰে পুৱা নিজ ঘৰৰ ভিতৰতে একেডাল ৰচীতে চিপ লৈ আত্মহত্যাৰ কৰা প্ৰত্যক্ষ কৰে পৰিয়লৰ লোকে ৷

দুটা সন্তানৰ পিতৃ-মাতৃ মৃত দম্পতীক নিজ পুত্ৰই বৰদেউতাৰ ঘৰৰ পৰা আহি চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰে ৷ ইয়াৰ পাচতে ওচৰ-চুবুৰীয়া আৰু আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷ ইফালে ঘটনাৰ পাচতে মৰাণ ৰাজহ চক্ৰ বিষয়া (Moran Circle Office) মৰাণ থানাত উপস্থিত হৈ মৃতদেহ প্ৰত্যক্ষ কৰা লগতে ঘটনা বুজ লয় ৷

জানিব পৰা অনুসৰি মৃত গৌতম নায়ক মাছ-মাংস বিক্ৰী কৰা খুদ্ৰ ব্যৱসায়ী হোৱা লগতে মৃত পূৰ্ণিমা নায়ক চাহ বাগিচাৰ কৰ্মচাৰীৰ আছিল ৷ উল্লেখ্য যে, মৃত দম্পতীটো এগৰাকী 14 বছৰীয়া কন্যা সন্তানৰ লগতে এগৰাকী 10 বছৰীয়া পুত্ৰ সন্তানৰ পিতৃ-মাতৃ (Parents suicide at Moran)৷

পৰিয়ালৰ লোকে জনোৱা অনুসৰি দুই স্বামী-স্ত্ৰীৰ মাজত কোনোদিন সংঘাত হোৱাৰো উমান পোৱা নাছিল ৷ আনকি ব্যৱসায়ৰ জৰিয়তে দুয়ো স্বামী-স্ত্ৰীয়ে ব্যৱসায়ৰ জৰিয়তে সুন্দৰভাৱেই ঘৰখন পৰিচালনা কৰি আহিছিল ৷ কি কাৰণত দুটা সন্তানৰ দম্পতীয়ে আত্মহত্যা কৰিলে সেয়া সম্প্ৰতি ৰহস্যৰ আৱৰ্তত ৷ লগতেই ঘটনা ৰাজহুৱা হোৱা পাচতেই মৰাণত চাঞ্চল্যৰ সৃষ্টি হৈছে  ৷

লগতে পঢ়ক:Road traders protest in Sachal: জি এম চিৰ উচ্ছেদ, ন্যায় বিচাৰি ক্ষুব্ধ পথ ব্যৱসায়ীৰ চচলত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details