Husband suicide after his wife left him: ইনষ্টাগ্ৰামেই কাল হ'ল যোৰহাটৰ এটা পৰিয়ালৰ
যোৰহাট, ২৮ জানুৱাৰী:ইনষ্টাগ্রামেই কাল হ'ল যোৰহাটৰ এটা পৰিয়ালৰ বাবে । পত্নীৰ প্ৰতাৰণাৰ বেদনা সহিব নোৱাৰি অৱশেষত আত্মহননৰ পথ বাছি ল'লে যোৰহাটৰ এজন লোকে ৷ এই ঘটনাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যোৰহাটৰ ঢাকাইপট্টিত ৷ মৃত লোকজন চাবিৰ আনছাৰী বুলি জানিব পৰা হৈছে । পত্নী বহিঃৰাজ্যৰ যুৱকৰ সৈতে পলায়ন কৰাৰ বাবেই স্বামী চাবিৰ আনছাৰীয়ে আত্মহত্যা কৰা বুলি জানিব পৰা হৈছে ৷
যোৰহাটৰ ঢাকাইপট্টিৰ চাবিৰ আনছাৰীৰ পত্নীৰ বহিঃৰাজ্যৰ এজন যুৱকৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক । ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰথমে দুয়োৰে মাজত চিনাকী হৈছিল ৷ তাৰপাছত দুয়োৰে মাজত আৰম্ভ হৈছিল কথোপকথন ৷ ইয়াৰ পাছত লাহে লাহে দুয়োৰে মাজত গঢ় লৈ উঠিছিল গভীৰ প্ৰেম । বিগত কিছুদিন পূৰ্বে মহিলাগৰাকীয়ে ১২ বছৰীয়া কন্যাসহ যুৱকজনৰ সৈতে পলায়ন কৰে ।
ইফালে ঘৰত পত্নীৰ কোনো সম্ভেদ নাপাই পৰিয়ালৰ লোকক এই বিষয়ে অৱগত কৰে স্বামী চাবিৰ আনছাৰীয়ে ৷ চাবিৰৰ লগত তেওঁৰ পৰিয়ালৰ লোকে মহিলাগৰাকীক বিচাৰি বিচাৰ-খোচাৰ চলায় ৷ এই সন্দৰ্ভত যোৰহাট আৰক্ষীৰো কাষ চাপিছিল পৰিয়ালটো ৷ আৰক্ষীয়ে সমগ্ৰ ঘটনাতো তদন্ত আৰম্ভ কৰিছিল । কিন্তু মহিলাগৰাকীৰ সন্ধান পোৱাৰ পূৰ্বেই তেওঁৰ স্বামী চাবিৰ আনছাৰীয়ে অকাল মৃত্যুক আঁকোৱালি লয় ।
পত্নীৰ পলায়নৰ পাছতেই মানসিকভাৱে ভাঙি পৰিছিল চাবিৰ আনছাৰী ৷ পৰিয়ালৰ লোকৰ আগতো কেইবাবাৰো শেষ পন্থা বাছি লোৱাৰ কথা ব্যক্ত কৰিছিল চাবিৰে ৷ তেওঁলোকে চাবিৰক সান্তনা দিয়াৰ লগতে তেওঁৰ পত্নীক বিচাৰি উলিওৱাৰ বাবে সকলো ব্যৱস্থা লোৱাৰ আশ্বাস দিছিল ৷ কিন্তু ইয়াৰ মাজতে আজি নিজৰ গৃহত চিলিঙত চিপ লৈ আত্মহত্যা কৰে চাবিৰে(Man commits suicide over wife's affair) ৷
ইফালে বহিঃৰাজ্যৰ যুৱকজনৰ সৈতে পলাই যোৱা চাবিৰৰ পত্নী নাৰীদেহ চক্ৰ হাতত পৰাৰ সন্দেহ কৰিছে স্থানীয় লোকৰ । চাবিৰৰ পত্নীৰ পৰা পৰিয়ালৰ লোকে এটা ফোন পোৱাৰ পাছত সকলো ব্যক্ত কৰিছে এই সন্দেহ ৷
লগতে পঢ়ক:Groom dies at Barpetaroad: যুগ্ম জীৱনৰ পাতনি মেলাৰ পূৰ্বেই উকা হ’ল কপাল
TAGGED:
পত্নীৰ প্ৰতাৰণাৰ বেদনা