Husband chops Wifes Arm: পত্নীৰ হাত কাটি দুচেও কৰিলে খঙত অগ্নিশৰ্মা স্বামীয়ে
তেজপুৰ, ২৯ জুলাই : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা ৷এইবাৰ শনিবাৰে দুপৰীয়া তেজপুৰ জিলাৰ মৰাভৰলীত সংঘটিত হৈছে এই নৃশংস ঘটনা । অতি নিৰ্মমভাৱে নিজ পত্নীৰ হাত কাটিলে স্বামীয়ে ৷
ঘটনা অনুসৰি তেজপুৰৰ মৰাভৰলী বালিচাপৰিত স্বামীয়ে দাৰে ঘপিয়াই পত্নীৰ হাত দুচেও কৰিলে ৷ নিজাম আলী নামৰ লোকজনে পত্নীৰ হাত কাটি লুকুৱাই থৈছিল মুৰ্গীৰ গঁড়ালত ৷ এই কথা পোহৰলৈ অহাৰ লগে লগে ৰাইজে ধৰি আৰক্ষীক গতালে নিজাম আলীক ৷ লগে লগে স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত মমতা খাতুনক চিকিৎসালয়ত ভৰ্তি কৰে ৷ মমতা খাতুন হাচানৰ প্ৰথমা পত্নী বুলি জানিব পৰা গৈছে ৷ তেওঁলোকৰ ১৫ বছৰীয়া কন্যাক বিয়া দিয়াৰ সংক্ৰান্তত দুয়োৰে মতানৈক্য আৰম্ভ হওঁতে পত্নীৰ ওপৰত খৰ্গহস্ত হৈ হাত কাটিলে বুলি মন্তব্য প্ৰকাশ কৰে নিজাম আলীয়ে ৷
লগতে পঢ়ক:Suspected Murder case: চিপ লোৱা অৱস্থাত ৰহস্যজনকভাৱে যুৱক উদ্ধাৰ