8 ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঢাকালিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান - শতবৰ্ষ অনুষ্ঠান
Published : Dec 2, 2023, 4:20 PM IST
বৰপেটা, 2 ডিচেম্বৰ : বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত সংঘালঘু অধ্যুষিত অঞ্চল ঢাকালিয়াপাৰাত অৱস্থিত তথা অঞ্চলটোত শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা 111 নং ঢাকালিয়াপাৰা প্ৰাথমিক বিদ্যালয়ে অতিক্ৰম কৰিলে গৌৰৱোজ্জল এশ বছৰ ৷ 8, 9 আৰু 10 ডিচেম্বৰত বিদ্যালয়খনে উদযাপন কৰিব শতবৰ্ষ ৷
বৃহত্তৰ পশ্চিম বৰপেটা অঞ্চলৰ বিৰল কৃতিত্বৰ ইতিহাস ৰচা প্ৰাথমিক বিদ্যালয়খনৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত বিভিন্ন ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে উদযাপন সমিতিয়ে ৷ শতবৰ্ষ অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বিধায়ক মনোৰঞ্জন তালুকদাৰ, প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস আৰু বৰপেটাৰ জিলা আয়ুক্ত আয়ুষ গৰ্গ ৷
উদযাপন সমিতিয়ে জানিবলৈ দিয়া মতে 9 ডিচেম্বৰত অনুষ্ঠিত হ’ব বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷ য'ত অসমীয়া কৃষ্টি-সংস্কৃতিৰ তথা বিভিন্ন কলা প্ৰদৰ্শন কৰা হ'ব ৷
লগতে পঢ়ক :অসম দিৱস উপলক্ষে টিংখাঙত বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা