Human trafficking:কেৰেলাত উদ্ধাৰ হোৱা অসমৰ যুৱতী সন্দৰ্ভত সংবাদমেল
Published : Sep 23, 2023, 6:22 PM IST
হোজাই, 23 ছেপ্টেম্বৰ : কেৰেলাত অসামাজিক কামত লিপ্ত হ’বলৈ বাধ্য কৰোৱা অসমৰ যুৱতীক ইতিমধ্যে উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ এই ঘটনাটোৱে প্ৰকৃততে এখন ভয়াৱহ দুনিয়াৰ কথা উদঙাই দিছে ৷ আৰক্ষী তৎপৰ হৈ থকাৰ পিচতো ৰাজ্যত চলি আছে মানৱ সৰবৰাহৰ কাৰবাৰ ৷ কম বয়সীয়া ছোৱালী তথা যুৱতীসকলক এই জালত ফঁচাই ৰাজ্যৰ বাহিৰত তেওঁলোকক অনিচিছাকৃতভাৱে অনৈতিক কামত লিপ্ত কৰোৱা হয় ৷ যুৱতী কেইগৰাকী উদ্ধাৰ হোৱাৰ পাচতেই হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈয়ে এখন সংবাদমেল সম্বোধন কৰে ৷
ৰূপম বৰদলৈয়ে জানিবলৈ দিয়ে যে, হোজাই আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত বহি:ৰাজ্য কেৰেলাৰ তিৰুৱনন্তপুৰমৰ পৰা হোজাইকে ধৰি ৰাজ্যখনৰ কেইবাখনো জিলাৰ পৰা নিৰুদ্দিষ্ট হৈ থকা যুৱতীকেইগৰাকীক উদ্ধাৰ কৰে । এই সন্দৰ্ভত জিলাখনৰ কাকী আৰক্ষী থানাত এক গোচৰো ৰুজু কৰা হৈছে ৷ ৰুজু হোৱা ৯৩/২৩ নং গোচৰত ভাৰতীয় দণ্ডবিধিৰ ৩৬৬/৩৭০/৩৪ ধাৰাত হোজাই আৰক্ষী উপ:অধীক্ষক ইকবাল হুচেইনৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে উদ্ধাৰ কৰে যুৱতীকেইগৰাকীক । উল্লেখ্য যে, কেৰেলাত যুৱতীকেইগৰাকীক বলপূৰ্বকভাৱে অসামাজিক কাৰ্যত লিপ্ত কৰোৱা হৈছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে । বৰ্তমান মানৱ সৰবৰাহত জড়িত লোকসকলৰ বিৰুদ্ধে হোজাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক :Drug Peddler detained:হোজাইৰ লামডিঙত জব্দ ড্ৰাগছসহ চুৰি সামগ্ৰী