অসম

assam

নৰবলি সংঘটিত কৰা 5 অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat / videos

Human sacrifice at Kamakhya : কামাখ্যাৰ নৰবলি সংঘটিত কৰা 5 অভিযুক্তক গ্ৰেপ্তাৰ

By

Published : Apr 4, 2023, 7:22 PM IST

গুৱাহাটী, ৪ এপ্ৰিল : সুদীৰ্ঘ চাৰি বছৰৰ অন্তত ৰাজ্য কঁপাইছে কামাখ্যাৰ নৰবলিৰ ঘটনাই (Human sacrifice case at Kamakhya) ৷  এজাক অন্ধবিশ্বাসীয়ে অম্বুবাচী মেলাত মা কামাখ্যাক সন্তুষ্ট কৰিবলৈ ২০১৯ চনত কামাখ্যাৰ জয় দুৰ্গা মন্দিৰত নৰবলি দি এগৰাকী নিৰীহ মহিলাক হত্যা কৰিছিল । অম্বুবাচী মেলাৰ দুদিন পূৰ্বে সংঘটিত হৈছিল এই ঘটনাৰ ৷ কামাখ্যা মন্দিৰৰ কাষত থকা জয় দুৰ্গা মন্দিৰৰ চিৰিৰ ওচৰত এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হৈছিল । ওচৰতে এটা চাকি আৰু কিছুমান মাটিৰ সামগ্ৰী, ৰঙা সূতা, খালী প্লাষ্টিকৰ বটল পোৱা গৈছিল । তেলৰ আন এটা বটলো পোৱা গৈছিল ।  

মঙলবাৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই (CP Diganta Bora press meet) সংবাদমেলযোগে সমগ্ৰ ঘটনাৰ কথা সদৰী কৰে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে ৫ টাকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে (5 accuses arrested)। 

ধৃত অভিযুক্তকেইটা ক্ৰমে মধ্যপ্ৰদেশৰ তান্ত্ৰিক মাতা প্ৰসাদ পাণ্ডে ওৰফে মাতেশ্বৰী গীৰি(৫০), গুৱাহাটীৰ সুৰেশ পাছৱান (৫৬), উত্তৰ প্ৰদেশৰ মথুৰাৰ প্ৰদীপ পাঠক ওৰফে দিনেশ ওৰফে ৰাজু(৫২), গুৱাহাটীৰ কানু আচাৰ্য ওৰফে কানু তান্ত্ৰিক (৬২), ভায়াৰাম মোৰিয়া ওৰফে ৰাজু বাবা (60) । আৰক্ষী আয়ুক্তগৰাকীয়ে সদৰী কৰা অনুসৰি সম্প্ৰতি আৰক্ষীৰ জিম্মাত ৰাখি সোধা পোছা কৰি থকা হৈছে অভিযুক্তকেইটাক ৷

লগতে পঢ়ক:Suspected murder case: যুৱতী হত্যাৰ অভিযোগত এবিএমছুৰ নেতাসহ 4 অভিযুক্তক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details