অসম

assam

ধুবুৰীৰ ভিন্ন স্থানত বন বিভাগৰ অভিযান

ETV Bharat / videos

Illegal timber seized in Dhubri: ধুবুৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

By

Published : Aug 6, 2023, 8:40 PM IST

ধুবুৰী, 6 আগষ্ট :চোৰাং কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে ধুবুৰীৰ ভিন্ন স্থানত বন বিভাগৰ অভিযান ৷ অভিযানত জব্দ নথি-পত্ৰ বিহীন এখন চেগুন কাঠ ভৰ্তি ট্ৰাক আৰু এখন শিলভৰ্তি ডাম্পাৰ ৷ ধুবুৰীৰ নিউ ঘাটৰ পৰা কাঠ ভৰ্তি ট্ৰাকখন জব্দ কৰে ধুবুৰী বন সংমণ্ডল বিষয়াই ৷  

জব্দ কৰা কাঠ ভৰ্তি ট্ৰাকখনৰ নম্বৰ এ এছ - ১৭ চি- ৬১৭০ ৷ গুৱাহাটীৰ পৰা ধুবুৰী নিউ ঘাটলৈ আহিছিল চেগুন কাঠ ভৰ্তি ট্ৰাকখন ৷ জব্দ কৰা কাঠখিনিৰ নাই কোনো বৈধ নথি-পত্ৰ ৷ কাঠখিনিৰ বজাৰ মূল্য‌ কেইবা লক্ষাধিক বুলি জানিবলৈ দিছে বন বিষয়াই ৷ আনহাতে ধুবুৰীৰ মটেৰঝাৰৰ পৰা জব্দ নথি-পত্ৰ বিহীন এখন শিল ভৰ্তি ডাম্পাৰ ৷ জব্দ কৰা ডাম্পাৰখনৰ নম্বৰ এ এছ-১৬ এ চি-৩৮৮২ ৷

উল্লেখ্য যে, গুৱাহাটীৰ পৰা কোনো চোৰাং কাঠ মাফিয়াই বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠ প্ৰেৰণ কৰিছিল ধুবুৰীৰ চৰাঞ্চললৈ ৷ ইফালে ধুবুৰীৰ চৰাঞ্চল হৈ এনেবোৰ মূল্যবান কাঠ বাংলাদেশলৈ সৰবৰাহ হ’ব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে জিলা বন সংমণ্ডল বিষয়াই ৷

লগতে পঢ়ক :Drugs seized in Punjab: পঞ্জাবত আৰক্ষীৰ বৃহৎ সফলতা; প্ৰায় 400 কোটি টকাৰ ড্ৰাগছ জব্দ

ABOUT THE AUTHOR

...view details