হাইলাকান্দিৰ লক্ষীনগৰত ২৬১ বস্তা ধান জব্দ
Published : Dec 6, 2023, 10:45 PM IST
কৰিমগঞ্জ, 6 ডিচেম্বৰ :চোৰাং সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে কঠোৰ হাইলাকান্দি আৰক্ষী ৷ হাইলাকান্দিত জব্দ চোৰাংকৈ কঢ়িওৱা বৃহৎ পৰিমাণৰ ধান ৷ বহিঃৰাজ্যলৈ চোৰাংকৈ সৰবৰাহৰ সময়তে আৰক্ষীয়ে জব্দ কৰে ধানখিনি ৷
আৰক্ষীয়ে হাইলাকান্দিৰ লক্ষীনগৰত জব্দ কৰে চোৰাংকৈ কঢ়িয়াই নিয়া 261 বস্তা ধান ৷ হাইলাকান্দিৰ পৰা ত্ৰিপুৰাৰ ধৰ্মনগৰলৈ সৰবৰাহ কৰাৰ সময়তে প্ৰায় 3 লাখ টকা মূল্যৰ ধানখিনি জব্দ কৰে আৰক্ষীয়ে ৷ লগতে আৰক্ষীয়ে TR 01-AS-1821 নম্বৰৰ ধান কঢ়িয়াই নিয়া ট্ৰাকখনো জব্দ কৰে ৷
ধান ক্ৰয়ৰ ক্ষেত্ৰত মধ্যভোগীৰ প্ৰভাৱ বন্ধ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বহিঃৰাজ্যলৈ ধান যোগান নিষিদ্ধ কৰিছে ৷ উৎপাদিত ধানৰ প্ৰতি কুইণ্টলত 2,183 টকাৰ নূন্যতম সমৰ্থন মূল্য যাতে স্থানীয় কৃষকসকলে লাভ কৰে তাৰ বাবে ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ কিন্তু ইয়াৰ পাছতো ৰাজ্যত বন্ধ হোৱা নাই ধানৰ চোৰাং সৰবৰাহ ৷
লগতে পঢ়ক :ভূমি সম্পর্কীয় অবৈধ কার্যকলাপ : কঠোৰ ব্যৱস্থা লোৱাৰ সকীয়নি মুখ্যমন্ত্ৰীৰ