অসম

assam

চৰকাৰে নিৰ্ধাৰণ কৰা দামতকৈ কমত ক্ৰয় নকৰিব ধান

ETV Bharat / videos

মৰিগাঁৱত বৃহৎ পৰিমাণৰ ধান-চাউল জব্দ - paddy seized in Assam

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 8:17 PM IST

মৰিগাঁও, 6 ডিচেম্বৰ : ৰাজ্যৰ কৃষকসকলে ধান বিক্ৰী কৰোতে যাতে অসাধু চক্ৰৰ কবলত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনক কঠোৰ হ’বলৈ নিৰ্দেশ দিছিল চৰকাৰে ৷ লগতে অসম চৰকাৰে প্ৰতি কুইণ্টল ধানত 2,183 টকা নিৰ্ধাৰণ কৰি বিভিন্ন স্থানত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে ৷ কিন্তু একাংশ অসাধু ব্যৱসায়ী আৰু একাংশ ধান মিলৰ মালিকে চৰকাৰী নিৰিখতকৈ কম মূল্যত ধান ক্ৰয় কৰি খেতিয়কক লুন্ঠন চলাই থকাৰ অভিযোগ উত্থাপন হৈ আহিছে ।

সেই অভিযোগৰ ভিত্তিতে মঙলবাৰে মৰিগাঁৱৰ দলবাৰীস্থিত কুনকুনি ৰাইছ মিলত মৰিগাঁও জিলা প্ৰশাসন, যোগান বিভাগ আৰু কৃষি বিভাগে যৌথ অভিযান চলায় ৷ অভিযানত চৰকাৰী নিৰিখ 2,183 টকাতকৈও কমত দামত ক্ৰয় কৰা প্ৰায় 2,828 কুইণ্টল ধান আৰু 1,119 কুইণ্টল চাউল জব্দ কৰে অভিযানকাৰী দলে ৷ লগতে কুনকুনি ৰাইছ মিলত দুখন ধানভৰ্তি ট্ৰাকো জব্দ কৰা বুলি জানিবলৈ দিছে মৰিগাঁও জিলাৰ যোগান বিভাগৰ উপ-সঞ্চালক গৰাকীয়ে।

লগতে পঢ়ক:মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজনৰ মৃত্যু, তিনি আহত 

ABOUT THE AUTHOR

...view details