অসম

assam

চিলাপথাৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 10:30 PM IST

ETV Bharat / videos

Marijuana seized: নগদ ধনসহ চিলাপথাৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

জোনাই, 10 ছেপ্টেম্বৰ: ধেমাজিৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিমেনমুখৰ আনন্দনগৰ নদীপাৰত আৰক্ষীৰ অভিযানত ৷ গোপন খবৰ ভিত্তিতি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা গাঞ্জাখিনিৰ ওজন প্ৰায় 7 কিঃগ্ৰাঃ আছিল ৷ বৃহৎ পৰিমাণৰ গাঞ্জাৰ লগতে নগদ 1 লাখ 14 হাজাৰ টকাও জব্দ কৰে আৰক্ষীয়ে ৷  

চিলাপথাৰ আৰক্ষীয়ে আনন্দনগৰ নদীপাৰৰ চিৰঞ্জীৱ ৰায় নামৰ লোকজনৰ ঘৰত অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ৷ কিন্তু  আৰক্ষী অহাৰ উমান পোৱাৰ পাচতে চিৰঞ্জীৱ ৰায় নামৰ লোকজন পলায়ন কৰে ৷ ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত  সোধ-পোচৰ বাবে আৰক্ষীয়ে আটক কৰিছে চিৰঞ্জীৱৰ পত্নী স্বপ্না ৰায়ক ৷ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:Scam in PDS rice in Dhemaji: চিলাপথাৰত সুলভ মূল্যৰ এজেন্টৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details