অসম

assam

Explosives seized: কাছাৰত পুনৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক জব্দ

By

Published : Aug 7, 2023, 7:33 PM IST

কাছাৰত পুনৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক জব্দ

কাছাৰ, 7 আগষ্ট :স্বাধীনতা দিৱসৰ প্ৰাকক্ষণতকাছাৰত অব্যাহত আছে আৰক্ষীৰ কঠোৰ অভিযান ৷ সোমবাৰে  কাছাৰত পুনৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক জব্দ কৰা হৈছে ৷ ঘটনাৰ সবিশেষ তথ্য অনুসৰি গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত দেওবাৰে বিয়লিৰ পৰা আলটাফ দলং আৰু কাষৰীয়া অঞ্চলসমূহত আছাম ৰাইফলছৰ জোৱানসকলে চোৰাং চোৱাগিৰি চলাই আছিল। 

নিশা 9 বজাৰ ওচৰত দলঙৰ সমীপত পৰিত্যক্ত হৈ থকা অৱস্থাত 200 ডাল জেলেটিন ষ্টিক আৰু 200 ডাল ডিটনেটৰ উদ্ধাৰ কৰে। আছাম ৰাইফলছৰ সূত্ৰই জনোৱা মতে, সম্ভৱতঃ যিসকলে বিস্ফোৰক আনিছিল, তেওঁলোকে আছাম ৰাইফলছৰ উপস্থিতি গম পাই ধৰা পৰাৰ আশংকাত বিস্ফোৰক সামগ্ৰীখিনি এনেদৰে পেলাই থৈ গৈছিল ৷ সম্প্ৰতি জব্দ কৰা বিস্ফোৰকখিনি অৰুণাচল আউটপোষ্টৰ আৰক্ষীক গতাই দিয়া হৈছে। সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

লক্ষ্যণীয় যে, এমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে কাছাৰত জব্দ কৰা হৈছে বিস্ফোৰক সামগ্ৰী ৷

লগতে পঢ়ক:Gauripur mob lynching update: গৌৰীপুৰৰ গণপ্ৰহাৰকাণ্ডৰ মূল অভিযুক্ত আব্দুল গণিক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details