Namghar Samaroh in North Guwahati : ভক্তিৰসত ডুব গৈছে উত্তৰ গুৱাহাটী, সোঁত বৈছে অগণন ভক্তৰ
ভক্তিৰসত ডুব গৈছে উত্তৰ গুৱাহাটী ৷ তীৰ্থনগৰী উত্তৰ গুৱাহাটীত ভকত-বৈষ্ণৱৰ হৰিধ্বনি ৷ আউনীআটী সত্ৰৰ(Auniati Satra) সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত অনুষ্ঠিত নামঘৰ সমাৰোহৰ আজি দ্বিতীয় দিন (Namghar Samaroh in North Guwahati)। ব্ৰহ্মপুত্ৰৰ বাকৰিৰ দৃষ্টিনন্দন পৰিৱেশত মহাআয়োজন এই মহানুষ্ঠানৰ । শনিবাৰে একেলগে বাজিল ২০০০ নাগাৰা, ২০০০ শংখ, ২০০০ মহিলাৰ সমূহীয়া উৰুলি আৰু দিহা নামৰ অমিয়া মুৰ্ছনা । পৰিবেশন কৰা হয় বৈৰাগী নাম, থিয় নাম, বিয়া নাম, নাগাৰা নাম, মিচিং মহিলা নাম, হীৰা নামকে ধৰি ২১ বিধ নাম । সন্ধিয়া প্ৰদৰ্শিত হয় পূৰ্ণাংগ ভাওনা আৰু শিশু শিল্পীৰ একক অভিনয় । সমাগম ঘটিছে লক্ষাধিক ভক্তৰ । নাগালেণ্ড, মনিপুৰ, অৰুণাচল প্ৰদেশৰ লগতে সুদুৰ আমেৰিকা তথা ডুবাইৰ পৰাও ভক্তৰ আগমন ঘটিছে ।
Last Updated : Feb 3, 2023, 8:34 PM IST