অসম

assam

Timber seized:ডুমডুমাৰ তৰাণীত বৃহৎ পৰিমাণৰ হোলোং কাঠ জব্দ

By

Published : Aug 18, 2023, 6:16 PM IST

বন্যদস্যুৰ হাঁতোৰা

তিনিচুকীয়া, ১৮ আগষ্ট :তিনিচুকীয়া জিলাৰ সংৰক্ষিত বনাঞ্চলসমূহত প্ৰতিদিনাই চলি আছে বন্যদস্যুৰ হাঁতোৰা । ডুমডুমা বন সংমণ্ডলৰ অধীনৰ খাটাংপানী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনত আছে তিনিখনকৈ সংৰক্ষিত বনাঞ্চল ।

সংৰক্ষিত বনাঞ্চলসমূহ এতিয়া বনাঞ্চল হৈ থকা নাই, হৈ পৰিছে বৃহৎ বৃহৎ খেলপথাৰ । শুকুৰবাৰে খাটাংপানী আঞ্চলিক বন বিভাগে পেঙেৰী তৰাণীত অভিযান চলাই উদ্ধাৰ কৰে ১০০ কেবি জাতীয় হোলোং গছৰ কাঠ । পেঙেৰী তৰাণীৰ মেলেক মৰাণৰ চাহ বাগানৰ পৰা বন বিভাগৰ লোকে উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ হোলোং কাঠ ।

মেলেক মৰাণে তৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা হোলোং গছ মেচিনেৰে বৃহৎ আকাৰত ফালি আনি পুনৰ নিজৰ চাহ বাগিচাত সৰু সৰু কৰি দীৰ্ঘদিন ধৰি ব্যৱসায় চলাই আহিছিল । বন বিভাগৰ লোক অহাৰ খবৰ পাই মেলেক মৰাণে কাঠফলা মেচিন লৈ পলাই যাবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :Tinsukia Illegal liquor distillery case : টিপুকত পিতা-পুত্ৰসহ দুই শ্ৰমিকৰ মৃত্যু হোৱা চুলাই ভাটিত প্ৰশাসনৰ উচ্ছেদ অভিযান

ABOUT THE AUTHOR

...view details