অসম

assam

ETV Bharat / videos

বান্দিলে বান্দিলে টকাৰ উজান উঠিছে গুৱাহাটী ৰেল ষ্টেচনত - Huge amount of money recovered at Guwahati railway station

By

Published : Aug 14, 2022, 2:28 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে । সকলোতে চলিছে স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি (Independence day preparation)। এই বিশেষ ক্ষণৰ সাক্ষী হ'বলৈ সাজু দেশবাসী । ইফালে স্বাধীনতা দিৱসক লৈ সকলো ব্যস্ত হৈ থকাৰ মাজতে গুৱাহাটী ৰে'লৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ ধন (Huge amount of money recovered at Guwahati railway station)। ৰে'লৱে আৰক্ষীয়ে দেওবাৰে জব্দ কৰে প্ৰায় ২২ লাখ টকা (Rupees 22 lakh seized at Guwahati railway station)। লগতে আৰক্ষীয়ে আটক কৰিছে বিহাৰৰ চঞ্জেশ কুমাৰ সিং নামৰ এজন লোকক (One arrested with money in Guwahati Rly Station)। ৰে'লৱে আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত ৰাজধানী এক্সপ্ৰেছত অভিযান চলাইছিল আৰু ১২৪২৩ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছৰ পৰা ধনখিনি জব্দ কৰিবলৈ সক্ষম হয় । ধৃত লোকজনে এটা বেগৰ ভিতৰত দুটা টোপোলাত ১১ টা ৫০০ টকীয়া নোটৰ বান্দিল আনিছিল । জব্দ হোৱা ধনখিনি ডিমাপুৰৰ পৰা বাৰাউনী ষ্টেচনলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল লোকজনে । অৱশ্যে টকা খিনি ক'ৰ পৰা কি উদ্দেশ্যে আনিছিল সেই তথ্য এতিয়াও পোহৰলৈ অহা নাই । জানিব পৰা মতে লোকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details