অসম

assam

মেৰাপানী সীমান্তত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 10:15 AM IST

ETV Bharat / videos

মেৰাপানী সীমান্তত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ; এজনক আটক

গোলাঘাট, 8 ডিচেম্বৰ: মেৰাপানী সীমান্তত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ । নাগালেণ্ডৰ ওখাৰ পৰা মেৰাপানী হৈ গোলাঘাটৰ ৰঙাজানলৈ আহি থকা অৱস্থাত NL 05 G1856 নম্বৰৰ এখন ট্ৰাক জব্দ কৰা হয় ৷ উক্ত ট্ৰাকখনত বিদেশী চিগাৰেট কাৰ্ট’নত ভৰাই সৰবৰাহৰ চেষ্টা কৰোতেই চি আৰ পি এফে জব্দ কৰে । 

জব্দকৃত বিদেশী চিগাৰেটৰ মূল্য পঞ্চাশ লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে । বৃহৎ ট্ৰাকখনৰ পৰা চি আৰ পি এফে তালাচী চলাই 134 কাৰ্ট’ন চিগাৰেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ঘটনা সন্দৰ্ভত মেৰাপানীস্থিত 142 নং চি আৰ পি এফে ট্ৰাকখনৰ চালক টুংচ' লোথা নামৰ এগৰাকী নগা ব্যক্তিক আটক কৰি মেৰাপানী আৰক্ষীক গতাই দিয়ে । 

জব্দ কৰা চিগাৰেটসমূহৰ মূল্য প্ৰায় পঞ্চাশ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে । ঘটনাটোৰ সৈতে এক বৃহৎ চক্ৰ জড়িত হৈ থকা বুলি সন্দেহ কৰা হৈছে । 

লগতে পঢ়ক:মাওবাদীৰ লগত সম্পৰ্ক ৰখাৰ অভিযোগত দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ মেৰাপানীৰ আদিত্য শইকীয়াক

ABOUT THE AUTHOR

...view details