অসম

assam

চতিয়াৰ ইটাখোলা আৰক্ষীৰ সফলতা

Drugs seized at Sootea : ইটাখোলাত ড্ৰাগছসহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

By

Published : Jun 2, 2023, 9:31 AM IST

Published : Jun 2, 2023, 9:31 AM IST

চতিয়া, 2 জুন :চতিয়াৰ ইটাখোলা আৰক্ষীৰ সফলতা ৷ বৃহস্পতিবাৰে ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলা দৈনিক বজাৰৰ পৰা বিয়লি প্ৰায় 4 বজাত ড্ৰাগছসহ আটক কৰা হয় দুটা ড্ৰাগছ সৰবৰাহকাৰীক ৷ আটকাধীন দুই ক্ৰমে বাবুল আলি (30) আৰু ৰফিকুল ইছলাম (28) বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা AS-12A F 3158 নম্বৰৰ এখন পালচাৰ বাইকো জব্দ কৰে (Drug peddler detain with Drugs at Sootea)৷

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বৃহস্পতিবাৰে ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি শইকীয়া নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ইটাখোলা দৈনিক বজাৰত চলায় এক অভিযান ৷ এই অভিযানতে আৰক্ষীৰ দলটোৱে প্ৰায় 14 গ্ৰাম ওজনৰ ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে আটক কৰে দুই যুৱকক (Huge amount of drugs seized at Sootea) ৷ ধৃত যুৱকদ্বয় শোণিতপুৰ জিলাৰ খনামুখৰ কেকুকলি গাঁৱৰ বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, ধৃত যুৱকদ্বয় ইটাখোলা আৰক্ষীৰ জিম্মাত আছে ৷ সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে দুয়োৰে জেৰা আব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :Drugs seized in Nagaon : নগাঁৱত ড্ৰাগছ বিৰুদ্ধে অভিযান; চাপৰমুখত হেৰ’ইনসহ আটক মহিলা

ABOUT THE AUTHOR

...view details