HSLC examination starting today: NEPৰ আধাৰত আজিৰে পৰা অনুষ্ঠিত হ’ল HSLC পৰীক্ষা - SEBA made changes in four major subjects
যোৰহাট,৩ মাৰ্চ: আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা । প্ৰথমবাৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হৈছে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC examination starts under new education policy) । বহু নীতি-নিয়ম আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে শিক্ষাৰ্থীসকল । হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৰহাট জিলাৰ পৰা ১২,২১১ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে । পৰীক্ষাৰ্থীসকলৰ বাবে জিলাখনত ২৮ টা পৰীক্ষা কেন্দ্ৰ সাজু কৰা হৈছে আৰু প্ৰত্যকটো পৰীক্ষা কেন্দ্ৰৰ বাবে এজনকৈ পৰিদৰ্শক নিয়োগ কৰাৰ লগতে পৰীক্ষা কেন্দ্ৰসমূহত ফ্লায়িং স্কোৱাড নিয়োগ কৰাৰ হৈছে । পৰীক্ষা কেন্দ্ৰৰ আশে পাশে ১৪৪ ধাৰা জাৰি কৰা হৈছে । উল্লেখ্য যে শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা এইবাৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হৈছে ।
উক্ত শিক্ষা নীতিৰ আধাৰতেই বহুকেইটা পৰিৱৰ্তন সাধন আৰু সংশোধন কৰা হৈছে (SEBA made changes in four major subjects) । চাৰিটা প্ৰধান বিষয় সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইংৰাজীত দুখনকৈ উত্তৰ বহী থাকিব । এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ৪ লাখ ২৩ হাজাৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে । আজি পৰা অৰ্থাৎ শুকুৰবাৰৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC Exam Routine 2023 SEBA) ।
উল্লেখ্য যে, অসমৰ মুঠ ৯১২ টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছে । এইবাৰ পৰীক্ষা কেন্দ্ৰৰ সংখ্যাও পূৰ্বতকৈ বৃদ্ধি কৰা হৈছে । উল্লেখ্য যে শিক্ষা জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যাতে কোনো ধৰণৰ বেমেজালি আৰু অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয়, তাৰ বাবে শিক্ষা বিভাগে কোনো ধৰণৰ ত্ৰুটি এৰি দিয়া নাই আৰু পৰীক্ষা কেন্দ্ৰসমূহত পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী নিয়োগ কৰা হৈছে । মুঠৰ ওপৰত বহু নীতি-নিয়ম আৰু কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনুষ্ঠিত হৈছে এই বৰ্ষৰ মেট্ৰিক পৰীক্ষা ।
লগতে পঢ়ক:Science Fair in Itakhola: দিনজোৰা কাৰ্যসূচীৰে ইটাখোলাত বিজ্ঞান মেলা