অসম

assam

বাণিজ্য শাখাৰ ষষ্ঠ স্থানত যোৰহাটৰ নন্দিতা দাস

ETV Bharat / videos

HS Exam Results 2023 : বাণিজ্য শাখাৰ ষষ্ঠ স্থানত যোৰহাটৰ নন্দিতা দাস - HS Commerce Results 2023

By

Published : Jun 6, 2023, 12:44 PM IST

যোৰহাট,৬ জুন :আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত কেইবাগৰাকী শিক্ষাৰ্থী ৰাজ্যৰ ভিতৰতে উজলিছে (HS Exam Results 2023)। যোৰহাট জিলাত ভাড়াঘৰৰ পৰাই সফলতাৰ জখলাত উঠিছে এগৰাকী মেধাৱী ছাত্ৰী । যোৰহাট বৰভেটা নাওশলীয়া গাঁৱৰ এটা ভাড়াঘৰত থাকি নন্দিতা দাসে বাণিজ্য শাখাত ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে (Nandita Das secured 6th position in Commerce)। নন্দিতা দাসে যোৰহাট চন্দ্ৰকমল বেজবৰুৱাৰ বাণিজ্য মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱৰ্তীণ হৈছিল ।

পিতৃয়ে ঘৰে ঘৰে মচলা বিক্ৰী কৰে আৰু মাতৃয়ে আনৰ ঘৰত ভাত বনাই নিজ কন্যা নন্দিতাক পঢ়ুৱাইছে । যাৰ বাবে কন্যাৰ সফলতাত আৱেগিক হৈ পৰিছে পিতৃ-মাতৃ । ৰাজু দাস আৰু অনিতা দাসৰ কন্যা নন্দিতা দাসৰ সফলতাক লৈ গৌৰৱান্বিত অঞ্চলবাসী আৰু মহাবিদ্যালয় কৰ্তৃপক্ষ ।

আৰ্থিক সমস্যাৰ মাজতো পিতৃ-মাতৃয়ে অতি কষ্ট কৰি নন্দিতা দাসৰ পঢ়াৰ ক্ষেত্ৰত সকলো যতন লৈছিল । যাৰ বাবে নন্দিতা আৰু তেওঁৰ পিতৃ-মাতৃক প্ৰশংসাও কৰিছে বিভিন্নজনে । বহুতৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে তেওঁলোক । পৰিয়ালটোৰ এই আনন্দৰ সমভাগীও হৈছে বিভিন্নজন ।

লগতে পঢ়ক :HS exam Results 2023 : বাণিজ্য শাখাৰ সপ্তম স্থানত উজ্বলিল তিনিচুকীয়াৰ স্মৃতি ঠাকুৰ

ABOUT THE AUTHOR

...view details