Heavy storm in Dibrugarh: ধুমুহাত টিংখাঙত প্ৰকাণ্ড গছ পৰি ভাগিল বহুতো গৃহ - Storm in Assam
মৰাণ, ৯ আগষ্ট: বুধবাৰে পুৱতি নিশা অহা এজাক প্ৰৱল ধুমুহাই তচনচ কৰি গ'ল ডিব্ৰুগড় জিলাৰ টিংখাঙৰ বিভিন্ন অঞ্চল । ধুমুহাৰ ফলত বহু লোকৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে ঠায়ে ঠায়ে প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে । বিশেষকৈ টিংখাঙৰ তিনঠেঙীয়া আৰু লেঙেৰী পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁও ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ।
এই অঞ্চলটোৰ ঠেঙাল, মাজবাম, পাণধোৱা আদি কেইবাখনো গাঁৱত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে । লেঙেৰী পঞ্চায়তৰ অন্তৰ্গত কেইবাটাও বাসগৃহত প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত ঘৰ সমূহ সম্পূৰ্ণ ৰূপে বিধ্বস্ত হৈছে । লগতে বহু কেইটা পৰিয়ালৰ ভঁৰাল গৃহত গছ উভালি পৰাত অনিষ্ট হৈছে ধন । এই ধুমুহাত কোনো লোক আহত হোৱা নাই যদিও ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গাঁওসমূহত । ইফালে ধুমুহাত কেইবাখনো বিদ্যালয়,ৰাজহুৱা প্ৰেক্ষাগৃহৰ বিস্তৰ ক্ষতিসাধন হৈছে ।
লগতে পঢ়ক:Police Encounter: এসপ্তাহত গুৱাহাটীত চতুৰ্থটো এনকাউন্টাৰ; আকৌ চোৰৰ ভৰিত আৰক্ষীৰ গুলী