অসম

assam

গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে

ETV Bharat / videos

গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 1:30 PM IST

গোৱালপাৰা,৭ জানুৱাৰী:নৱবৰ্ষৰ পহিলা মাহতে ৰাজ্যত এটাৰ পিছত এটাকৈ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । বালিজানৰ মৰ্মান্তিক পথ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ শনিবাৰে নিশা গোৱালপাৰা জিলাৰ আমজোংগাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । যাত্ৰীবাহ আলট্ৰা বাছ আৰু মটৰ চাইকেলৰ মুখামুখী সংঘৰ্ষত থিতাতে নিহত মটৰচাইকেল আৰোহী । জানিব পৰা মতে গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে গৈ থকা যাত্ৰীবাহী আলট্ৰা বাছ এখনে মহতিয়াই লৈ যায় এখন মটৰ চাইকেল ।  

১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়াবহ পথ দুৰ্ঘটনাটো । পথ দুৰ্ঘটনা নিহত লোকগৰাকী গোৱালপাৰা জিলাৰে বগুৱান জয়পুৰৰ হজৰত আলী বুলি চিনাক্ত কৰা হয় । ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত দুধনৈ আৰক্ষী উপস্থিত হৈ যাত্ৰীবাহী বাছখনৰ আহত যাত্ৰীসকলক উদ্ধাৰ কৰি দুধনৈ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভর্তি কৰোৱাৰ লগতে নিহত লোক গৰাকীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । দুৰ্ঘটনা সংঘটিত কৰা যাত্ৰীবাহী বাছখনৰ পঞ্জীয়ন নম্বৰ AS17-B-9316 আৰু মটৰচাইকেল খনৰ পঞ্জীয়ন নম্বৰ AS-25-V-8548 । 

লগতে পঢ়ক:পুনৰ ৰে’লৰ খুন্দাত বন্যহস্তীৰ কৰুণ মৃত্যু

ABOUT THE AUTHOR

...view details