অসম

assam

হোজাইত পবিত্ৰ গুৰু নানক জয়ন্তী উদযাপন

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 11:06 AM IST

হোজাইত পবিত্ৰ গুৰু নানক জয়ন্তী উদযাপন

হোজাই, 19 নৱেম্বৰ :পবিত্ৰ গুৰু নানক জয়ন্তীৰ লগত সংগতি ৰাখি হোজাই জিলাৰ লংকাত সাত দিনীয়াকৈ হোজাইত পবিত্ৰ গুৰু নানক জয়ন্তী উদযাপন কৰা হৈছে ৷ দেওবাৰে পুৱা 4.30 পৰা 6.30 বজালৈ লংকা চহৰত প্ৰভাত ফেৰী উলিওৱা হৈছে । পুৱাই শিখ ধৰ্মালম্বী লোকসকলৰ লগতে বিভিন্ন ধৰ্মালম্বী লোকসকলৰ লগত ওলাই আহি প্ৰভাত ফেৰীত যোগদান কৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে, শিখ ধৰ্মৰ 10 জন গুৰুৰ প্ৰথমজন আৰু অন্যতম হৈছে গুৰু নানক । গুৰু নানকৰ আৱিৰ্ভাৱ তিথিটি সমগ্ৰ দেশতেই গুৰু নানক জয়ন্তী ৰূপে উদযাপন কৰা হয় । গুৰু নানকে বিলাইছিল একেশ্বৰবাদৰ বাণী । ইয়াৰ ওপৰিও সমাজত সমতা, ভাতৃত্ববোধ, সামূহিক কল্যাণ আৰু পূণ্যৰ বাণীৰ জৰিয়তে এক সামাজিক আৰু ৰাজনৈতিক মঞ্চৰ সৃষ্টি কৰিছিল গুৰুজনাই । গুৰজনাৰ পবিত্ৰ বাণীসমূহ 974 টা ঘোষাৰে সমৃদ্ধ গুৰু গ্ৰন্থ চাহিবত কেন্দ্ৰীভূত হৈ আছে । ই হৈছে শিখ ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ ৷

লগতে পঢ়ক:নতুন সংশোধনী নিযুক্তি প্ৰক্ৰিয়াৰে ১০ হাজাৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থা চৰকাৰৰ

ABOUT THE AUTHOR

...view details