অসম

assam

মতলীয়া লখিমপুৰীয়া ৰাইজ

ETV Bharat / videos

Holi celebration in Lakhimpur: ৰঙৰ উৎসৱত মতলীয়া লখিমপুৰীয়া ৰাইজ - ৰঙৰ উৎসৱ হোলী

By

Published : Mar 8, 2023, 2:19 PM IST

লখিমপুৰ, ৮ মাৰ্চ : ৰঙৰ উৎসৱ হোলীৰ পাৰ ভঙা আনন্দৰ জোৱাৰত ডুব গৈছে সমগ্ৰ ৰাজ্য । ৰাজ্য বিভিন্ন প্ৰান্তৰ দৰে লখিমপুৰৰ চৌদিশো আবিৰৰ ৰঙেৰে ৰঙীণ হৈ পৰিছে ৷ ৰঙৰ উৎসৱত মতলীয়া হৈ পৰিছে সকলো ।

আবিৰ সানি ৰঙৰ উৎসৱত ইজনে সিজনে যাচিছে মৰম । শৰীৰ, মন, হৃদয়ত ৰং-আনন্দৰ জোৱাৰ তুলি সকলো আপোন পাহৰা হৈ পৰিছে । লখিমপুৰৰ চৌদিশে পাৰভঙা উৎসাহ উদ্দীপনাৰে হোলীৰ ৰঙত বিলীন হৈ পৰিছে ৰাইজ (Lakhimpur holi celebration video) । চেনেহেৰে আবিৰ সানি ইজনে সিজনক জনাইছে হোলীৰ শুভেচ্ছা ।

ৰঙৰ উৎসৱ পালনেৰে সকলোৰে মনৰ কলুষ-কালিমা নাইকিয়া কৰি এখন সম্প্ৰীতিৰে ভৰা সমাজ গঢ়াৰ কামনা কৰিছে সকলোৱে ।  উল্লেখযোগ্য যে, লখিমপুৰ নগৰ এলেকাৰ ঠাকুৰবাৰীত মাৰোৱাৰী সমাজৰ উদ্যোগত আয়োজন হয় হোলী উৎসৱ । পৰম্পৰাগত ৰীতি নীতিৰ উপৰি নৃত্য গীতত মতলীয়া হৈ পৰে ৰাইজ ।

শিল্পীৰ গীতৰ তালে তালে নাচি বাগি ৰাইজ আপোন পাহৰা হৈ পৰে । আনহাতে নগৰৰ গাতে লাগি থকা চিনাতলীয়াত সনাতন সংঘৰ নামঘৰত আয়োজন কৰা হয় দৌলযাত্ৰাৰ । একেৰাহে ৫৪ সংখ্যক বাৰৰ বাবে আয়োজন কৰা হয় এই দৌল উৎসৱ । তিনিদিনীয়াকৈ আয়োজন কৰা এই উৎসৱত পৰম্পৰাগত ৰীতি নীতিৰে আধ্যাত্মিকতাৰ বাণীৰে কাৰ্যক্ৰম সম্পন্ন কৰা হয় ।

লগতে পঢ়ক :Holi Celebration in Majuli: চাৰিশ বছৰীয়া পৰম্পৰাৰে মাজুলীৰ বিভিন্ন সত্ৰত বোকা খেল

ABOUT THE AUTHOR

...view details