অসম

assam

Holi in Majuli: ফাকুৰ ৰঙেৰে ৰঙীন ঐতিহাসিক দক্ষিণপাট সত্ৰ

By

Published : Mar 9, 2023, 2:17 PM IST

দক্ষিণপাট সত্ৰত ৰঙৰ উৎসৱ ফাকুৱা

মাজুলী, ৯ মাৰ্চ:সমগ্ৰ ৰাজ্যৰ লগতে সত্ৰ নগৰী মাজুলীতো ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় (Holi celebrated in Majuli)। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰতো এই উৎসৱত সকলোৱে অংশগ্ৰহণ কৰে (Daul at Dakshinpat Satra in Majuli)। তিনিদিনীয়াকৈ অনুষ্ঠিত এই ফাকুৱা উৎসৱৰ বুধবাৰে ঐতিহাসিক সত্ৰখনত গোঁসাই ফুৰুৱা হয় । সেয়েহে হোলী গীতেৰে মুখৰিত হৈ পৰে সত্ৰখন । সত্ৰখনৰ লগতে ইয়াৰ সমীপৰ গাঁৱত গোঁসাই ফুৰুৱা অনুষ্ঠানত সত্ৰৰ বৈষ্ণৱসকলৰ লগতে অঞ্চলটোৰ স্থানীয় লোকসকলেও অংশগ্ৰহণ কৰে । মেষ দাহেৰে আৰম্ভ হোৱা ৰঙৰ উৎসৱৰ বুধবাৰে গোঁসাই ফুৰুৱা অনুষ্ঠানেৰে সামৰণি পৰে ।

উল্লেখ্য় যে মাজুলীত সোমবাৰে সন্ধিয়া ফাকুৱা উৎসৱৰ প্ৰথম দিনাৰ পৰ্ব মেঘ দাহ পালন কৰা হয় । দক্ষিণপাট সত্ৰত সত্ৰাধিকাৰৰ লগতে ভকত বৈষ্ণৱ সকলে এই মেঘ দাহ পৰ্বত অংশগ্ৰহণ কৰে (Majuli holi news)। মেঘ দাহ পৰ্বৰ সৈতে সংগতি ৰাখি সত্ৰৰ বৈষ্ণৱসকলে সত্ৰীয়া পৰম্পৰাৰে বিভিন্ন কাৰ্যসূচী পালন কৰি এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে । পৰম্পৰা অনুসৰি মহাপ্ৰভুক মেঘদাহ পৰ্বৰ বাবে ধৰ্মীয় শোভাযাত্ৰাৰে ভেলাঘৰত স্থাপন কৰা হয় । ইপিনে এই উৎসৱৰ প্ৰথম দিনটোত হোম যজ্ঞ কৰাৰ পিছত মহাপ্ৰভুক ধৰ্মীয় পৰম্পৰাৰে মণিকূটৰ পৰা উলিয়াই ৰভাঘৰত সাজু কৰি ৰখা সিংহাসনত আৰোহণ কৰোৱা হয় ।

লগতে পঢ়ক:Tezpur Mahavoirab Temple Visit : মহাভৈৰৱ মন্দিৰত মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান 

ABOUT THE AUTHOR

...view details