অসম

assam

BJP Yuva Morcha leader arrested:হোজাইত চাকৰি দিয়াৰ নামত ধন লৈ গ্ৰেপ্তাৰ বিজেপি যুৱ মৰ্চাৰ নেতা

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 8:36 PM IST

গ্ৰেপ্তাৰ বিজেপি যুৱ মৰ্চাৰ নেতা

হোজাই, 23 ছেপ্টেম্বৰ : হোজাইৰ ধলপুখুৰী যুৱ মৰ্চাৰ মণ্ডল সভাপতি সৌৰভ চৌধুৰীক গ্ৰেপ্তাৰ ৷ ঠগ প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে তেওঁক । জাহানাৰ বেগম নামৰ এগৰাকী মহিলাক লংকা শিক্ষা খণ্ডত চাকৰী দিয়াৰ প্ৰলোভনৰে সৰাকাইছিল এক লাখৰো অধিক টকা । কোনো মন্ত্ৰীৰ ঘনিষ্ঠ তথা নিজকে বিজেপিৰ ডাঙৰ নেতা বুলি পৰিচয় দি তথা মন্ত্ৰীৰ নামেৰে ফোনত কথা পতাই মহিলাগৰাকীৰ পৰা সৰকাইছিল ধন ।

লংকা শিক্ষা খণ্ডৰ ভুৱা নিযুক্তি পত্ৰও মহিলাগৰাকীক প্ৰদান কৰিছিল বিজেপি নেতাগৰাকীয়ে । কিন্তু লংকা শিক্ষা খণ্ডত উপস্থিত হৈ চাকৰিত যোগদান কৰিবলৈ যাওঁতে সকলো কথা স্পষ্ট হৈ পৰে জাহানাৰ বেগমৰ আগত । পৰৱৰ্তী সময়ত বিজেপি নেতা সৌৰভ চৌধুৰীৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী মহিলা গৰাকীয়ে । লংকা আৰক্ষী থানাত Case no- 443/23 Under Sec -420/406/468 IPC গোচৰ ৰুজু কৰা হয় । লংকা আৰক্ষীয়ে বৰ্তমান বিজেপি নেতা সৌৰভ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতালৈ প্ৰেৰণ কৰিছে । অধিক তথ্যৰ বাবে লংকা আৰক্ষীয়ে বৰ্তমানে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Human trafficking:কেৰেলাত উদ্ধাৰ হোৱা অসমৰ যুৱতী সন্দৰ্ভত সংবাদমেল

ABOUT THE AUTHOR

...view details