Historic Jonbeel Mela: আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলা, শুকুৰবাৰে পুৱতি নিশা হ’ব বিনিময় প্ৰথা - Traditional food festival in Jonbeel Mela
বৃহস্পতিবাৰৰ পৰা মৰিগাঁৱৰ জোনবিলৰ পাৰত অনুষ্ঠিত হৈছে ঐতিহাসিক গোভাৰজাৰ জোনবিল মেলা (Historic Jonbeel Mela in Morigaon) ৷ 19 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে চলিব এই মেলা ৷ ইতিমধ্যে সমন্বয়ৰ বাৰ্তা আৰু পিঠিত মেটমৰা সম্ভাৰ লৈ পাহাৰৰ পৰা আহি জোনবিলৰ পাৰত বাহৰ পাতিছেহি মামা-মামীসকলে ৷ শুকুৰবাৰে পুৱতি নিশা অনুষ্ঠিত হ’ব পৰম্পৰাগত বিনিময় প্ৰথা ৷ এই প্ৰথা অনুসৰি পাহাৰ আৰু ভৈয়ামৰ লোকসকলে উভয়ে সামগ্ৰীৰ সাল-সলনি বা বিনিময় কৰে ৷ পৰম্পৰাগতভাৱে চলি অহা এই প্ৰথাই আজিকোপতি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আহিছে ৷
এই জোনবিলক লৈ বহু থলুৱা গীত মাতো আছে ৷ তিৱাসকলৰ লালিলাং, বৰত, লাংখুন আদি বিভিন্ন গীতত জোনবিল মেলাৰ কথা উল্লেখ আছে ৷ জোনবিলে একপ্ৰকাৰে অৰ্থনীতিৰ দিশতো অৰিহণা যোগাই আহিছে ৷ বিনিময় প্ৰথা প্ৰচলিত জোনবিল মেলাই হৈছে অসমৰ বৰ্তমান সময়ৰ একমাত্ৰ হাট (Barter system in Jonbeel mela)৷
বিনিময় প্ৰথাত উপস্থিত থাকে গোভাৰজাও ৷ তেৱেঁই এই প্ৰথাৰ শুভাৰম্ভ কৰে ৷ বৰ্তমান তিৱাসকলৰ ৰজা হৈছে দীপচিং দেওৰজা ৷ বিনিময় প্ৰথা অনুসৰি ভৈয়ামৰ লোকসকলে নিজে প্ৰস্তুত কৰা চিৰা-পিঠা, শুকান মাছ আদিৰ বিনিময়ত পাহাৰৰ লোকসকলৰ পৰা আদা, হালধি, কচু, পাহাৰীয়া আলু আদি সংগ্ৰহ কৰে (Jonbeel mela news) ৷ প্ৰতিবাৰেই এই জোনবিল মেলাৰ সময়ত লোকে গেজেপ মাৰি ধৰে জোনবিলৰ পাৰত ৷
কেৱল বিনিময় প্ৰথাই নহয়, ইয়াত আৰু বিভিন্ন সা-সামগ্ৰী উপলব্ধ হয় ৷ নৃ-গোষ্ঠীয় খাদ্য সম্ভাৰ, সাজ-পাৰৰ উপৰিও কাঠ-বাঁহৰ আচবাব, আৰু অন্যান্য বিভিন্ন সামগ্ৰীৰ বিপণিয়ে ভিৰ কৰে জোনবিল মেলাত ৷ খাদ্য ৰসিকসকলৰ বাবে এইবাৰো জোনবিলৰ পাৰত উপলব্ধ হৈছে বিভিন্ন পৰম্পৰাগত আৰু জনগোষ্ঠীয় খাদ্য আৰু থলুৱা পানীয় ৷ তিৱা, মিচিং, দেউৰী, সোণোৱাল, বড়ো, নেপালী, ৰাভাকে ধৰি বিভিন্ন জনগোষ্ঠীৰ খাদ্যসম্ভাৰৰ বিপনী উপলব্ধ হৈছে জোনবিল মেলাত (Traditional food festival in Jonbeel Mela) ৷
খৰিকাত দিয়া গাহৰি, কেকোঁৰা, মাছ আদিৰ সুবাস বিয়পি পৰিছে জোনবিলৰ চৌপাশে ৷ ইয়াৰ লগতে জনগোষ্ঠীয় লোকসকলৰ থলুৱা পানীয় যেনে, ছাঁই মদ, ৰহি সাজ, আপং আদি উপলব্ধ হৈছে মেলাথলীত ৷ চুবুৰীয়া মেঘালয়ৰ লগতে ৰাজ্যৰ ভিন্ন স্থানত সিঁচৰিত হৈ থকা জনগোষ্ঠীয় লোকসকলে আহি ইতিমধ্যে ভিৰ কৰিছেহি জোনবিলৰ পাৰত (Jonbeel Mela 2023)৷
অসমৰ ধেমাজি, মাজুলী, লখিমপুৰ, কাৰ্বি আংলং আদি বিভিন্ন স্থানৰ পৰা সা-সামগ্ৰীলৈ লোকসকল আহিছে জোনবিল হাটলৈ ৷ সকলোৱে নিজ নিজ সা-সামগ্ৰী বিক্ৰী কৰাৰ লগতে প্ৰয়োজনীয় দুই-এপদ সামগ্ৰী ক্ৰয় কৰিছে জোনবিল মেলাৰ পৰা ৷ তিনিদিন ধৰি চলিব এই জোনবিল মেলা ৷
উল্লেখ্য যে, এইবাৰ জোনবিল মেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীয়ে তিৱা ৰজাসকলৰ বাৰ্ষিক ৰাজভাট্টা প্ৰদান কৰিব বুলি মেলা পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে ৷