অসম

assam

ETV Bharat / videos

Abhinandan Theater: নলবাৰীত অভিনন্দৰ মঞ্চত পল্লৱ পৱনৰ হীৰা চণ্ডাল - Mobile Theatre in Assam

🎬 Watch Now: Feature Video

নলবাৰীত অভিনন্দৰ মঞ্চত পল্লৱ পৱনৰ হীৰা চণ্ডাল

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 8:08 PM IST

নলবাৰী,১ চেপ্টেম্বৰ:নলবাৰীৰ মুকালমুৱাত তিনিদিনীয়াকৈ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ নৱ সংযোজন 'অভিনন্দন থিয়েটাৰ'ৰ নাট প্ৰদৰ্শন । বৰুৱাপুটা শনি মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজন কৰে অভিনন্দন থিয়েটাৰৰ দৰ্শনী । প্ৰথম নিশাই জনপ্ৰিয় নাট্যকাৰ পল্লৱ পৱন বৰাৰ ৰচনাৰে প্ৰদৰ্শন কৰা ব্যয়বহুল নাটক 'হীৰা-চণ্ডাল' উপভোগ কৰি আপ্লুত হয় ৰাইজ ।  

ৰাজকুমাৰ তালুকদাৰ আৰু উদীয়মান অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ সুন্দৰ অভিনয়ে দৰ্শকক আমোদ দিবলৈ সক্ষম হয় । ইফালে নলবাৰীৰ গৌৰৱ কৌতুক অভিনেতা ৰূপে খ্যাত ভাস্কৰ বৰ্মনৰ হাস্য মধুৰ অভিনয়ে সকলোকে হাঁহিৰ খোৰাক দিয়ে । মুকালমুৱাস্থিত বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গোৎসৱস্থলীত তিনিদিনীয়াকৈ আয়োজন কৰা অভিনন্দন থিয়েটাৰৰ দ্বিতীয়টো দিনত লোকে লোকাৰণ্য হৈ পৰে ।  

দুয়োটা দৰ্শনীতে হাউচফুল হয় অভিনন্দন থিয়েটাৰৰ প্ৰেক্ষাগৃহ । ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ নৱ-সংযোজন অভিনন্দন থিয়েটাৰে তিনিখন নাটকেৰে আৰম্ভ কৰা তেওঁলোকৰ প্ৰথম নাট্যবৰ্ষত ইতিমধ্যে ৰাইজৰ সহাৰিয়ে যথেষ্ট উৎসাহিত কৰিছে বুলি জানিবলৈ দিয়ে কলা-কুশলীসকলে । 

লগতে পঢ়ক:Assam MBBS Course: নগাঁৱৰ লগতে কোকৰাঝাৰ, নলবাৰী মেডিকেল কলেজৰ MBBSৰ পাঠ্যক্ৰম আৰম্ভ

ABOUT THE AUTHOR

...view details