অসম

assam

ৰতিকান্ত চৌধুৰীয়ে দান কৰিলে মছজিদ পথৰ মাটি

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 4:37 PM IST

ETV Bharat / videos

ৰতিকান্ত চৌধুৰীয়ে দান কৰিলে মছজিদ পথৰ মাটি, অঞ্চলটোৰ নাম এতিয়া প্ৰভাৱতী নগৰ

বঙাইগাঁও, 19 নৱেম্বৰ : ধৰ্মৰ ভিন্নতাৰ বহু সময়ত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হোৱাটো নতুন কথা নহয় ৷ ইয়াৰ বিপৰীতে সকলো ধৰ্মৰ লোকৰ মাজত সহায়-সহযোগিতা, আত্মীয়তাৰ উদাহৰণ খুউব কমেই দেখা যায়, কিন্তু দুৰ্লভ নহয় ৷

বঙাইগাঁৱত সম্প্ৰীতিৰ অন্যতম নিৰ্দশন দাঙি ধৰিলে এগৰাকী লোকে ৷ হিন্দু ধৰ্মাৱলম্বী এগৰাকী লোকে দান কৰিলে মছজিদলৈ যোৱা পথৰ বাবে প্ৰয়োজনীয় মাটি ৷ জিলাখনৰ দোলাইগাঁৱৰ ৰতিকান্ত চৌধুৰীয়ে গাঁওখনৰ তৃতীয় খণ্ডত ইছলাম ধৰ্মাৱলম্বী লোকসকলে স্থাপন কৰা মছজিদলৈ যোৱা পথৰ বাবে প্ৰয়োজন হোৱা মাটি দেওবাৰে ৰাজহুৱাভাৱে দান কৰে ৷ 

আনহাতে স্থানীয় ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমগ্ৰ মছজিদ এলেকাটোক ভূমিদাতা ৰতিকান্ত চৌধুৰীৰ মাতৃৰ নামত ‘প্ৰভাৱতী নগৰ’ হিচাবে নামকৰণ কৰে ৷ বঙাইগাঁও সদৰ চহৰৰ সমীপৱৰ্তী দোলাইগাঁৱত হিন্দু-মুছলিমৰ এই সম্প্ৰীতিৰ বাৰ্তাই স্বাভাৱিকতে সচেতন ৰাইজক আনন্দিত কৰিছে ৷

লগতে পঢ়ক :Harmony: সম্প্ৰীতি-সমন্বয়ৰ নিদৰ্শন, হিন্দু লোকৰ মৃতদেহ সৎকাৰ কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকে

ABOUT THE AUTHOR

...view details