Protest in Dibrugarh: গোলাঘাটৰ নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে ডিব্ৰুগড়ত হিন্দু ক্ৰান্তি দলৰ প্ৰতিবাদ
ডিব্ৰুগড়, 27 জুলাই : গোলাঘাটত সংঘটিত হোৱা ট্ৰিপল মাৰ্ডাৰ ঘটনাই কঁপাই গৈছে ৰাজ্য ৷ এই ঘটনাৰ পাছতে ডিব্ৰুগড়ত হিন্দু ক্ৰান্তি দলৰ প্ৰতিবাদ ৷ গোলাঘাটৰ নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে চহৰখনৰ থানা চাৰিআলিত প্ৰতিবাদ হিন্দু ক্ৰান্তি দলৰ ৷ ডিব্ৰুগড়ৰ পুৰণা ৰে'লৱে ষ্টেচনৰ পৰা এক বিশাল প্ৰতিবাদী সমদল কৰি থানা চাৰিআলিত সমাপন কৰে সংগঠনটোৰ প্ৰতিবাদী কাৰ্যসূচী ৷
প্ৰতিবাদস্থলীত ত্ৰিপল মাৰ্ডাৰ সংঘটিত কৰা নাজিবুৰ ৰহমান নামৰ হত্যাকাৰীটোক ফাঁচীৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ ইফালে অসমত লাভ জেহাদৰ নামত বাৰে বাৰে সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে হাতত অস্ত্ৰ তুলি লোৱাৰো ভাবুকি প্ৰদান কৰে হিন্দু ক্ৰান্তি দলৰ নেতা প্ৰকাশ ৰায়ে ৷
উল্লেখযোগ্য যে নাজিবুৰ ৰহমান নামৰ এজন যুৱকে দুটা দিনৰ পূৰ্বে গোলাঘাট নগৰৰ হিন্দী স্কুল পথৰ সঞ্জীৱ ঘোষৰ ঘৰত প্ৰৱেশ কৰি সঞ্জীৱ ঘোষ, তেওঁৰ পত্নী জুনু ঘোষ আৰু তেওঁৰ জীয়ৰী সংঘমিত্ৰা ঘোষক অতি নৃশংস ভাবে হত্যা কৰিছিল ৷ ইতিমধ্য আৰক্ষীয়ে আটক কৰিছে হত্যাকাণ্ড সংঘটিত কৰা নাজিবুৰ ৰহমানক ৷ এই ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷
লগতে পঢ়ক :Goalpara Moral Policing Update:গোৱালপাৰা মৰেল পুলিচিংৰ ঘটনাৰ লগত জড়িত ১৩ অভিযুক্তক গ্ৰেপ্তাৰ