অসম

assam

হিন্দু দম্পত্তিয়ে মাদ্ৰাছাৰ বাবে দান কৰিলে ভূমি

ETV Bharat / videos

Hindu-Muslim harmony: মহানুভৱতাৰ পৰিচয় দি হিন্দু দম্পত্তিয়ে মাদ্ৰাছাৰ বাবে দান কৰিলে ভূমি - Unique example of harmony

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 6:59 PM IST

ওদালগুৰি,১৯ ছেপ্টেম্বৰ: যিটো সময়ত ৰাজ্যত হিন্দু-মুছলমানৰ ৰাজনীতিয়ে সামাজিক বাতাবৰণ কলুষিত কৰি তুলিছে, ঠিক তেনে সময়তে এটি দৰিদ্ৰ পৰিয়ালৰ বৃদ্ধ দম্পতিয়ে নিজৰ কৃষি ভূমিত স্থায়ী ভাবে মাদ্ৰাছা নিৰ্মাণ কৰিবলৈ ভূমিদান কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷

এই লৈ ভোলাবাৰি গাঁৱৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ মাজত নয়নৰমণি হৈ পৰিছে বৃদ্ধ দম্পতি দুয়ো । ভোলাবাৰি মাদ্ৰাছাত অনুষ্ঠিত সভাত ভূমি দাতা বৃদ্ধ দম্পতি দুয়োকে ৰাইজৰ তৰফৰ পৰা ফুলাম গোমোচা, জাপি, শৰাই আদিৰে আৰদণী জনোৱাৰ লগতে তেখেতসকলে দেখুওৱা এই মহানুভৱতাক অতুলনীয় আখ্যা দিয়ে । লগতে মহান বৃদ্ধ দম্পতিৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগবানৰ ওচৰত প্ৰৰ্থনা জনাই গাঁওবাসী ৰাইজে ।

লগতে পঢ়ক:Murder case in Morigaon: ভাৰাঘৰত উলংগ অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

ABOUT THE AUTHOR

...view details