Narengi College :নাৰেঙ্গী মহাবিদ্যালয়ত শুদ্ধ হিন্দী লেখন প্ৰতিযোগিতা - শুদ্ধ হিন্দী লেখন প্ৰতিযোগিতা
Published : Sep 30, 2023, 9:32 PM IST
গুৱাহাটী ,৩০ ছেপ্টেম্বৰঃ অইল ইণ্ডিয়া পাইপলাইন মুখ্যালয়ৰ উদ্যোগত আৰু নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ হিন্দী বিভাগ আৰু আই কিউ এ চিৰ সহযোগত শুকুৰবাৰে নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয় প্ৰাঙ্গণত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এখন 'শুদ্ধ হিন্দী লেখন' প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰতিযোগিতাৰ সামৰণিৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত উপস্থিত থাকে অইল ইণ্ডিয়াৰ বিষয়া হৰেকৃষ্ণ বৰ্মন,কৃষ্ণা হাজৰিকা ৰাও,নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ মূৰব্বী অধ্যাপক হেমন্ত কুমাৰ ৰাভা আৰু ভূগোল বিভাগৰ মূৰব্বী অধ্যাপক মৃণাল মেধি ।
আনহাতে, এই প্ৰতিযোগিতাৰ বিচাৰক হিচেপে উপস্থিত থাকে নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপিকা সুমিত্ৰা দেৱী চেত্ৰী,গীতা উপাধ্যায় আৰু মুক্তা পুকায়স্থই । ভাষণ প্ৰসংগত অইল ইণ্ডিয়াৰ বিষয়া হৰেকৃষ্ণ বৰ্মনে ছাত্ৰ-ছাত্ৰীসকলক শুদ্ধকৈ হিন্দী কোৱা আৰু লিখাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায় । উক্ত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা কমাৰ্চ শাখাৰ ছাত্ৰী ৰোচনী যাদৱ, দ্বিতীয়,তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে ক্ৰমে-কাজল কুমাৰী( ভূগোল বিভাগ), অস্মিতা কুমাৰী(হিন্দী বিভাগ)আৰু বাবলী দাসক (হিন্দী বিভাগ)পুৰস্কাৰ বিতৰণ কৰা হয় । সভাৰ শেষত হিন্দী বিভাগৰ সহকাৰী অধ্যাপিকা ৰমা ভাণ্ডাৰীয়ে শলাগৰ শৰাই আগবঢ়াই ।
লগতে পঢ়ক:Kendriya karam sanmilan:তিনিচুকীয়াত দুদিনীয়াকৈ কেন্দ্ৰীয় কৰম সন্মিলন