Hima Das Singing: গায়িকাৰ ৰূপত ধিং এক্সপ্ৰেছ হিমা দাস - Hima Das sing song in Dibrugarh
মৰাণ, 10 মে’: ডিব্ৰুগড়ত এইবাৰ গায়িকাৰ ৰূপত দেখা গ’ল হিমা দাসক (Hima Das in dibrugarh) । ধিং এক্সপ্ৰেছখ্যাত ট্ৰেকৰ ৰাণী হিমা দাসে ডিব্ৰুগড়ত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সৈতে টিংখঙত হৈ থকা ৰঙালী উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত বাদ্যযন্ত্ৰত সংগ দিয়াৰ দৃশ্য প্ৰচাৰৰ পিচতে এইবাৰ গীত পৰিৱেশন কৰিলে হিমাই (Hima Das sing song in Dibrugarh)। ডিব্ৰুগড়ৰ চেতিয়া চুকৰ ৰিজৰ্ট "Blossom Exotica" ত উপস্থিত হৈ এনেদৰে হিমাই গালে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ ইটোৰ পাচত সিটো গান। জয়ন্ত হাজৰিকাৰ কালজয়ী গীত "মোৰ মিনতি তৰা হয় যদি"ৰ লগতে ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে "কে ধৰি কেইবাটাও গীত গাই সুৰীয়া সময় উদযাপন কৰা দেখা গ’ল হিমাক ৷ দৌৰবিদগৰাকীৰ কণ্ঠই আপোনাকো কৰিব মোহিত (Hima Das singing gone viral)৷
লগতে পঢ়ক:Water crisis in Assam: পানীৰ তীব্ৰ সংকটৰ সন্মুখীন ডিমা হাছাওবাসী