নুমলীগড়ৰ 39 নং ৰাষ্ট্রীয় ঘাইপথ বন্যহস্তীৰ জাক; আতংকিত পথচাৰী - Elephant Man conflict
Published : Dec 22, 2023, 9:46 PM IST
গোলাঘাট, 22 ডিচেম্বৰ :এইবাৰ প্ৰতিবাদত নামিল বন্যহস্তী । খাদ্যৰ বাবে কৰিছে এই প্ৰতিবাদ । শুকুৰবাৰে এটা বিশেষ দৃশ্য দেখা গ’ল নুমলীগড়ৰ দৈগ্ৰোং চাহ বাগিচাৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত । দিন দুপৰতে জাক-জাক বন্যহস্তীয়ে অতিক্ৰম কৰে 39 নং ৰাষ্ট্ৰীয় ঘাইপথ । ফলত বহু সময় স্তব্ধ হৈ পৰে যান-বাহনৰ চলাচল । আতংকিত হৈ পৰে ৰাইজ ।
উল্লেখ্য যে বন্যহস্তীৰ বাবে সম্প্ৰতি নুমলীগড় শোধনাগাৰত কৰ্মৰত শ্ৰমিকে অহা-যোৱা কৰাত বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে । খাদ্যৰ সন্ধানত প্ৰতিদিনে বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰে ত্ৰাসৰ । খাই তহিলং কৰে ভঁৰালৰ ধান, ভাঙি তচনচ কৰে বাসগৃহ । যাৰ পৰিপ্ৰেক্ষিতত এতিয়া আতংকত দিন অতিবাহিত কৰিবলগীয়া হৈছে খাটিখোৱা জনতাই ।
ইমানৰ পিছতো কুম্ভকৰ্ণৰ নিদ্ৰাত আছে বিয়াগোম বন বিভাগ । স্থানীয় ৰাইজে এই হাতী মানুহৰ সংঘাত নিৰ্মূল কৰিবলৈ বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাই আহিছে যদিও আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ।
লগতে পঢ়ক:শোণিতপুৰত হাতী-মানুহৰ সংঘাত ৰোধৰ নিৰ্দেশ, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা আহিল পত্ৰ