অসম

assam

জোনাইত প্ৰচণ্ড ধুমুহাত ক্ষতিগ্ৰস্থ বিদ্যালয়

By

Published : Apr 25, 2023, 1:57 PM IST

ETV Bharat / videos

Heavy storm at Jonai : প্ৰচণ্ড ধুমুহাত তচনচ চৰকাৰী বিদ্যালয়, শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত শিক্ষাৰ্থী

জোনাই, 25 এপ্ৰিল : দেওবাৰৰ সন্ধিয়া হঠাৎ অহা প্ৰচণ্ড ধুমুহাই ভাঙি তচনচ কৰে জোনাইৰ এখন‌ চৰকাৰী বিদ্যালয় । প্ৰচণ্ড ধুমুহাত জোনাইৰ 2 নং মিলনপূৰ মধ্য ইংৰাজী বিদ্যালয়খন ধুমুহাই ভাঙি তচনচ কৰাৰ উপৰিও বিদ্যালয়খনৰ বহু প্ৰয়োজনীয় নথি পত্ৰও নষ্ট হৈ যায় এই ধুমুহাৰ ফলত । অতি পিছপৰা অঞ্চলটোত থকা একমাত্ৰ শিক্ষানুষ্ঠানখন হঠাৎ হোৱা ধুমুহাত ভাঙি তচনচ হোৱাত কণ কণ শিশু শিক্ষাৰ্থীসকলৰ পাঠদান এতিয়া বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে (heavy storm at Jonai) । 

জোনাই মহকুমা প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে ক্ষতিগ্ৰস্ত বিদ্যালয়খন পৰিদৰ্শন কৰি বিদ্যালয়খন পুনৰ মেৰামতি কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষই আহ্বান জনাইছে ৷ যাতে শিক্ষাৰ্থীসকল শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত নহয় (Heavy damage caused by stormy rains at Jonai) ৷ 

লগতে পঢ়ক :Congress MLA press meet : কৰ্ণাটক নিৰ্বাচনত কংগ্ৰেছ দলে লাভ কৰিব অভূতপূৰ্ব সফলতা : বিধায়ক কমলাক্ষ

ABOUT THE AUTHOR

...view details