অসম

assam

ধুমুহাৰ তাণ্ডৱত বিধ্বস্ত ধেমাজিৰ ভিন্ন অঞ্চল

ETV Bharat / videos

Heavy Storm in Dhemaji: ধেমাজিত বৰদৈচিলাৰ তাণ্ডৱ, ঠায়ে ঠায়ে বিস্তৰ ক্ষতিসাধন - বিস্তৰ ক্ষতিসাধন

By

Published : Apr 24, 2023, 12:53 PM IST

Updated : Apr 24, 2023, 11:04 PM IST

ধেমাজি, 24 এপ্ৰিল: ধেমাজিৰ বিভিন্ন অঞ্চলত বৰদৈচিলাৰ তাণ্ডৱ ৷ দেওবাৰে অহা প্ৰচণ্ড ধুমুহাই ধেমাজিতো বিভিন্ন অঞ্চলৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ ধেমাজিৰ চিচিবৰগাঁও, লালুং , মৰিঢল, বিষ্ণুপুৰ, গহপুৰীয়া, মাছখোৱা , যোৰকটা ,নৰোৱাথান, ধেমাজি নগৰ পাৰ্শ্বৱৰ্তী অঞ্চল ক্ৰমে ভৰালীচুক, নলনিপাম, ভদ্ৰপাৰা, ভেহপৰা আদি অঞ্চলত তাণ্ডৱ চলাই বিস্তৰ ক্ষতিসাধন কৰে (Heavy Storm at various Places in Dhemaji) ৷  

প্ৰচণ্ড ধুমুহাই বহু পৰিয়ালৰ ঘৰৰ টিন উৰুৱাই নিয়াৰ লগতে ধুমুহাৰ ফলত বাৰীৰ গছ-গছনি ভভালি পৰে ৷ বিষ্ণুপুৰ গহপুৰীয়া গাঁৱত ৰাজেন বৰাৰ নামৰ ব্যক্তিজনৰ বাগৃহত প্ৰকাণ্ড গছ উভালি পৰাত দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ ৷ সেইদৰে অঞ্চলটোৰ গণেশ বৰা, প্ৰদীপ বৰুৱা, অৰূপ ৱৰুৱা, ভূপেন বৰুৱা নামৰ ব্যক্তি কেইজনৰ বাসগৃহ বৰদৈচিলাই উৰুৱাই নি বিস্তৰ ক্ষতিসাধন কৰে (Storm devastated several areas at Dhemaji) ৷

লগতে পঢ়ক:Heavy Storm: প্ৰচণ্ড ধুমুহাত নামৰূপত এজন নিহত; টিংখাঙত আহত এক

Last Updated : Apr 24, 2023, 11:04 PM IST

ABOUT THE AUTHOR

...view details