অসম

assam

ডিব্ৰুগড়ত বিস্তৰ ক্ষতিসাধন

By

Published : May 21, 2023, 10:13 PM IST

ETV Bharat / videos

Storm in Dibrugarh: মৰাণত ধুমুহাত আহত মহিলা

মৰাণ, ২১ মে':শনিবাৰে অহা এজাক প্ৰৱল ধুমুহা-বৰষুণত ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ কেইবাখনো গাঁৱৰ ঘৰ-বাৰীৰ বিস্তৰ ক্ষতিসাধন কৰে (Storm in Moran)। ইয়াৰে মৰাণ চাহ বাগিচাৰ খেৰবাৰী লাইনৰ কেইবাটাও বাসগৃহৰ টিনপাত উৰুৱাই নিয়াত এগৰাকী মহিলা আৰু এগৰাকী কিশোৰী আঘাতপ্ৰাপ্ত হয় (Storm damaged in Maran Tea Estate)। ধুমুহাত আহত হয় ধৰম পাতৰৰ পত্নী খীৰদা পাতৰ আৰু কন্য়া অংকিতা পাতৰ। সম্প্ৰতি আহত দুয়োগৰাকী মৰাণ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে (Woman injured at Moran in Storm) ।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত ধুমুহাই ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰিছিল । বহুত ক্ষতিগ্ৰস্ত ৰাইজে পুনৰ গৃহ নিৰ্মাণ কৰিবলৈ সক্ষম নহওঁতেই পুনৰ ধুমুহাই ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ  সৃষ্টি হৈছে । 

লগতে পঢ়ক:Tribute to Junmoni Rabha: সন্মিলিত সাংবাদিক মঞ্চৰ উদ্যোগত দুলীয়াজানত জোনমণি ৰাভাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ABOUT THE AUTHOR

...view details