অসম

assam

প্ৰবল ধুমুহা আৰু শিলাবৃষ্টি

By

Published : May 6, 2023, 9:07 PM IST

ETV Bharat / videos

Heavy storm: মৰাণত প্ৰচণ্ড ধুমুহাত গছ পৰি তিনিজন আহত

মৰাণ, ৬ মে:ৰাজ্য়ৰ কেইবখনো জিলাত প্ৰবল ধুমুহা আৰু শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতি সাধন কৰিছে ৷ ডিব্ৰুগড় জিলাতো চলিছে বৰদৈচিলাৰ তাণ্ডৱ লীলা । জিলাখনৰ হালমাৰীত প্ৰকৃতিৰ ৰুষ্ট ৰূপে ত্ৰাসিত কৰিছে ৰাইজক (Heavy storm in Dibrugarh) ৷ শনিবাৰে মৰাণৰ হালমাৰী চাহ বাগিচাত প্ৰচণ্ড ধুমুহাত গছ পৰি তিনিজন লোক আহত হয়। মৰাণৰ হালমাৰী চাহবাগিচাত প্ৰচণ্ড ধুমুহাত গছ পৰি তিনিজন লোক আহত হোৱাত ৰাইজৰ মাজত হাহাকাৰ লাগিছে ।

আজি পুৱাৰ ভাগত অহা ধুমুহাত এজোপা প্ৰকাণ্ড গছ ঘৰৰ ওপৰত পৰি গুৰুতৰভাৱে আহত হয় হালমাৰী চাহ বাগিচাৰ বজাৰ লাইনৰ কিছেন উৰাং (৩২) দিবীয়া উৰাং (৩০) আৰু ক্ষীৰোদ উৰাং (১১)(Heavy Storm and hailstorm at Halmari) । পিচত আঘাতপ্ৰাপ্ত আটাইকেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক:Scam in KKHSOU: KKHSOUৰ কেলেংকাৰীৰ তদন্তৰ দাবীত ৰাজ্যপালক স্মাৰকপত্ৰ তৃণমূল যুৱ কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details