Storm at Jonai : প্ৰচণ্ড ধুমুহাত ৰাষ্ট্ৰীয় ঘাইপথতে বাগৰিল গছ; ব্যাহত যাতায়ত ব্যৱস্থা - প্ৰচণ্ড ধুমুহাত ৰাষ্ট্ৰীয় ঘাইপথতে বাগৰিল বৃহৎ গছ
জোনাই, 3 মে’ : মঙলবাৰৰ সন্ধিয়া হঠাৎ অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিলে জোনাইৰ কেইবাটাও অঞ্চলত । ধুমুহাত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাত বন্ধ হৈ পৰে যাতায়ত ব্যৱস্থা ৷ প্ৰচণ্ড ধুমুহা-বৰষুণত 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰে বৃহৎ গছ, যিয়ে প্ৰায় এঘন্টা সময় পৰ্যন্ত ব্যাহত কৰি পেলায় যাতায়ত ব্যৱস্থা ৷ পৰৱৰ্তী সময়ত স্থানীয় যুৱকৰ প্ৰচেষ্টাত ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি হৈ পৰে (Heavy damage caused by storm at Jonai) ৷
তদুপৰি, তীব্ৰ বেগী ধুমুহাই তচনচ কৰি গ'ল জোনাইৰ তেলাম, ডেকাপাম, মিছামৰা, তেলাম নেপালী বস্তি, মিছামৰা, মাজুলীপুৰ অঞ্চলৰ বহু পৰিয়ালৰ ঘৰ-বাৰী (Storm hits Jonai) ।
লগতে পঢ়ক : Tree felling in Guwahati: কাটিছে গছ সাধিছে উন্নয়ন; গুৱাহাটীত উন্নয়নৰ নামত নিৰ্বনানীকৰণ !
TAGGED:
Storm hits Jonai