Heated situation at Shivratri fair: খুমটাইৰ শিৱৰাত্ৰি মেলাত নিশা উত্তপ্ত পৰিস্থিতি - খুমটাইৰ শিৱৰাত্ৰি মেলাত উত্তপ্ত পৰিস্থিতি
গোলাঘাট, 18 ফেব্ৰুৱাৰী: আজি মহা শিৱৰাত্ৰি (Mahashivratri 2023)। দেশজুৰি হিন্দু ধৰ্মী লোকসকলে উদযাপন কৰিছে শিৱৰাত্ৰি । দেশৰ ভিন্ন প্ৰান্তত শিৱৰাত্ৰিৰ ব্যাপক আয়োজন কৰা হৈছে । দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰো প্ৰতিখন জিলাতে দেখা গৈছে শিৱৰাত্ৰিৰ বিভিন্ন কাৰ্যসূচী ।
শান্তি, সমৃদ্ধিৰ লগতে মনোবাঞ্চা পূৰণ হোৱাৰ বিশ্বাসেৰে ভক্তসকলে আজি পালন কৰে শিৱৰাত্ৰি ৷ কিন্তু আজিৰ এই পৱিত্ৰ উৎসৱৰ মাজতেই গোলাঘাটত সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷ গোলাঘাট জিলাৰ খুমটাইৰ শিৱৰাত্ৰি মেলাত নিশা সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । আৰক্ষী আৰু স্থানীয় একাংশ লোকৰ মাজত হয় হতাহতি ।
ঘটনাৰ বিৱৰণী অনুসৰি, খুমটাই চাহ বাগিচাৰ শিৱ মন্দিৰত আয়োজন কৰা হৈছিল শিৱৰাত্ৰি মেলা (Heated situation at Shivratri fair in Khumtai) ৷ কিন্তু এই শিৱ মন্দিৰৰ কাষতেই একাংশ লোকে জুৱাৰ আড্ডা মেলি লৈছিল ৷ এই খবৰ দিনৰ ভাগত লাভ কৰিছিল খুমটাই আৰু কমাৰগাঁও আৰক্ষীয়ে ৷ তাৰ পিছতেই খুমটাই আৰু কমাৰগাঁও আৰক্ষীয়ে দিনৰ ভাগত কেইবাৰো সেই স্থানত অভিযান চলাই জুৱা খেল উচ্ছেদ কৰিছিল ৷
কিন্তু আৰক্ষী এফালে যায়, আনফালে আকৌ আৰম্ভ হয় জুৱা খেল ৷ সন্ধিয়া পুনৰ একাংশ লোকে মিলি শিৱ মন্দিৰৰ কাষতেই আয়োজন কৰিছিল জুৱাৰ আড্ডা ৷ তাৰ পিছতেই আৰক্ষীয়ে খবৰ লাভ কৰি সেই স্থানত উপস্থিত হয় আৰু আৰক্ষী সেই স্থানত উপস্থিত হোৱাৰ পিচতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ আৰক্ষীক দেখি একাংশ জুৱাৰীয়ে সেই স্থানৰ পৰা পলায়ন কৰে ৷ ইফালে ঘটনাস্থলীত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবেই অৰুণ কুৰ্মী নামৰ এজন ব্যক্তি পৰি যায় এটা পুখুৰীত (Tense situation in Khumtai)।
পৰবৰ্তী সময়ত আৰক্ষী আৰু স্থানীয় লোকৰ বহু চেষ্টাৰ অন্তত উদ্ধাৰ কৰা হয় ব্যক্তিজনক । ইয়াৰ পিচতে আৰক্ষী আৰু স্থানীয় একাংশ লোকৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আন্ধৰাৰ সুযোগ লৈ একাংশই আৰক্ষীকো আক্ৰমণ কৰে । ইফালে আৰক্ষীয়ে ব্যক্তিজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে লৈ যায় ।
লগতে পঢ়ক:Tallest Shiva statue in Nalbari: শিৱৰাত্ৰিৰ দিনাই নলবাৰীত উন্মোচন উত্তৰ-পূৱৰ সৰ্ববৃহৎ শিৱ মূৰ্তি