অসম

assam

জয়নগৰত উদ্ধাৰ ঘঁৰিয়ালৰ পোৱালি

ETV Bharat / videos

বেংগালুৰুৰ জয়নগৰত উদ্ধাৰ 4 ফুট দৈৰ্ঘৰ ৮ কিলোগ্ৰাম ওজনৰ সুস্থ ঘঁৰিয়ালৰ পোৱালি - টুংগাভদ্ৰা নদী

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 6:05 PM IST

নেশ্যনেল ডেস্ক, 7 ডিচেম্বৰ :বেংগালুৰুৰ জয়নগৰৰ নিৰ্মাণৰত এটা আৱাসিক অট্টালিকাৰ সমীপত উদ্ধাৰ হৈছে এটা ঘঁৰিয়ালৰ পোৱালি । জানিব পৰা মতে, এই ঘঁৰিয়ালৰ পোৱালিটোৰ দৈৰ্ঘ চাৰি ফুট আৰু ইয়াৰ ওজন 8 কিলোগ্ৰাম ৷

বিৱৰণি অনুসৰি, জয়নগৰৰ নিৰ্মাণৰত এটা আৱাসিক অট্টালিকাৰ সমীপত আছিল বালিৰ টিলা ৷ এই টিলাটোৰ সমীপতে দেখিবলৈ পোৱা গৈছিল ঘঁৰিয়ালৰ পোৱালিটো ৷ তাৰ পাচতে অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

পৰৱৰ্তী পৰ্যায়ত বন্যপ্ৰাণীপ্ৰেমী তথা সৰীসৃপ বিশেষজ্ঞ ছিৰিগেৰী ৰাঘৱেন্দে (Sirigeri Raghavend) ঘঁৰিয়ালটো ধৰি বন বিভাগৰ কৰ্মচাৰীৰ হাতত গতাই দিয়ে । পিচত বন বিভাগে ঘঁৰিয়ালটোক টুংগাভদ্ৰা নদীৰ এক নিৰাপদ স্থানত মুকলি কৰি দিয়ে ।

এই ঘঁৰিয়ালৰ পোৱালিটো প্ৰায় 4 ফুট দীঘল আৰু 8 কেজি ওজনৰ বুলি জানিবলৈ দিয়ে বনকৰ্মীয়ে ৷ লগতে ঘঁৰিয়ালটো সম্পূৰ্ণ সুস্থ বুলিও মন্তব্য কৰে বনকৰ্মীয়ে ৷

লগতে পঢ়ক :নলবাৰী ৰাসত ভ্ৰাম্যমান থিয়েটাৰৰ নাটযুদ্ধ

ABOUT THE AUTHOR

...view details