অসম

assam

ETV Bharat / videos

Axom Gunotsav 2023: জখলাবন্ধাৰ স্কুলত শিক্ষকৰ ৰূপত কেশৱ মহন্ত - জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়

By

Published : Jan 20, 2023, 5:33 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ৰাজ‍্যত এতিয়া গুণোৎসৱৰ বতৰ(Axom Gunotsav 2023) । সেয়ে ৰাজ‍্যৰ শিক্ষানুষ্ঠানত মন্ত্ৰী-বিধায়কৰ লগতে শীৰ্ষ আমোলা-বিষয়াই ছাত্ৰ-ছাত্ৰীৰ গুণৰ পৰীক্ষা ল'বলৈ উপস্থিত হৈছেহি বিভিন্ন বিদ‍্যালয়ত । সেই উৎসৱৰ অংশস্বৰূপে কলিয়াবৰৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱত শুকুৰবাৰে অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই(Health Minister keshab Mahanta attending Gunotsav) । বিদ্যালয়খনত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন প্ৰশ্ন সুধি তেওঁলোকৰ সাধাৰণ জ্ঞানৰ মৌখিক পৰীক্ষাও লয় ৷ তেওঁ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপৰি প্ৰধান শিক্ষক, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে চৰকাৰী বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে ৷ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত গুণোৎসৱৰ ফলত কৰা মূল্যাংকনৰ ফলত শিক্ষানুষ্ঠানখনৰ বৰ্তমান শিক্ষাগত দিশৰ মানদণ্ড জানিব পৰাৰ লগতে ইয়াক আৰু অধিক উন্নত কৰিবলৈ ভৱিষ্যত কেনেদৰে পৰিকল্পনা কৰিব পৰা যায়, সেই ক্ষেত্ৰত সহায়ক হ’ব বুলি জানিবলৈ দিয়ে ৷

মন্ত্ৰী মহন্তই চৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ সাধাৰণ জ্ঞানৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । তেওঁ লগতে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যত কাৰ্যপন্থা নিৰূপণ কৰিব পৰাকৈ আৰু নিজকে এজন ভাল ছাত্ৰ হিচাপে পৰিগণিত কৰিব পৰাকৈ বিদ্যালয়সমূহত নিজৰ কিছু কাৰ্যপন্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে(Gunotsav observed in Assam) ৷

তেওঁ ঐতিহ্যমণ্ডিত জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁঠনি সুন্দৰকৈ নিৰ্মাণ কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ অহা বিত্তীয় বৰ্ষৰ ভিতৰত এই কাম কৰিব পৰা যাব বুলি তেওঁ সাংবাদিকক জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, ১৮ জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হৈছে এই বছৰৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ(2023 Gunotsav starts on 18 January) ৷ শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰাৰ কাৰণে অসম চৰকাৰৰ এক পদক্ষেপ হ’ল গুণোৎসৱ ৷

১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ । আনহাতে ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ । ৰাজ্যৰ মুঠ ৮৮,৫২৫খন বিদ্যালয়ৰ ৪২,৭৬,৮৮১গৰাকী ছাত্ৰ-ছাত্ৰীক এই গুণোৎসৱে সাঙুৰি ল’ব । গুণোৎসৱৰ লগত জড়িত হ’ব ১৮ হাজাৰ ৯৭ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী । এইবাৰ ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে গুণোৎসৱৰ পৰা ১০ শতাংশ নম্বৰ ছাত্ৰ-ছাত্ৰীৰ বছৰেকীয়া পৰীক্ষাত যোগ কৰা হ’ব । আনহাতে অনুপস্থিত ছাত্ৰ-ছাত্ৰীসকলক লৈ পাছ কৰা শতাংশ উলিয়াই ছাত্ৰ-ছাত্ৰীৰ মূল্যাংকনত যোগ কৰা হ’ব ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details