অসম

assam

ETV Bharat / videos

National Ayurveda day 2022: মাণিকপুৰত ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক দিৱস পালন - Health Awareness programme

By

Published : Oct 24, 2022, 7:17 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

দেওবাৰে ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক দিৱস(National Ayurveda day 2022) আৰু ধনোনত্বৰী জয়ন্তী উপলক্ষে, বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত বৰবিলা ৰাইণো ক্লাৱত আয়ুৰ্বেদিক চিকিৎসা সম্পৰ্কে এক সজাগতা সভা(Health Awareness programme) অনুষ্ঠিত কৰি বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায় বঙাইগাঁও জিলা আয়ুৰ্বেদিক সন্থাই । বিগত বছৰৰ দৰে এইবাৰো আয়ুৰ্বেদিক চিকিৎসা ব্যৱস্থাক ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যেৰে এই দিৱস পালন কৰা হয় । আয়ুৰ্বেদিক চিকিৎসাত বিশেষকৈ ক্ৰনিক ডিচেন্ট্ৰি, বাট বেমাৰ, পেটৰ যিকোনো বেমাৰৰ উপৰিও বহু পুৰণি বেমাৰ একেবাৰে নিৰ্মূল হ’ব পাৰে বুলি মতপোষণ কৰে সজাগতা সভাখনত উপস্থিত চিকিৎসকসকলে । অনুষ্ঠানটোত জিলাখনৰ বহু কেইগৰাকী আয়ুৰ্বেদিক চিকিৎসক উপস্থিত থকাৰ লগতে একাংশ লোকক চিকিৎসা আগবঢ়োৱাৰ লগতে বিনামূলীয়াকৈ ঔষধো যোগান ধৰে । বঙাইগাঁও জিলা আয়ুৰ্বেদিক সন্থাৰ এই পদক্ষেপক স্থানীয় সচেতন মহলে ভূয়সী প্ৰশংসা কৰে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details