অসম

assam

ETV Bharat / videos

Allegation Against Head Master: বিদ্যালয় চৌহদৰ গছ কটা প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী - tree plantation scheme of Assam Govt

By

Published : Jan 14, 2023, 3:01 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

বন বিভাগৰ অনুমতি অবিহনে বিহালী সমষ্টিৰ বৰজাৰণি মধ্য ইংৰাজী বিদ্যালয় চৌহদত থকা এজোপা প্ৰকাণ্ড গছ কটাৰ অভিযোগ উত্থাপিত হৈছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে (head master alleged to cut tree without permission) । উল্লেখ্য, চৰকাৰে গছপুলি ৰোপণৰ নামত লাখ লাখ টকা খৰচ কৰাৰ (tree plantation scheme of Assam Govt) লগতে বন বিভাগে বন মহোৎসৱ আয়োজন তথা সজাগতা সভাৰ নামতো লাখ লাখ টকা খৰচ কৰি আহিছে (Van Mahotsav by forest department) ।

তাৰ বিপৰীতে বৰজাৰণি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহন শৰ্মাই বিদ্যালয় চৌহদ থকা গছকটা কাৰ্য স্থানীয় লোকে সহজভাৱে লব পৰা নাই । উল্লেখযোগ্য যে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে গৰমৰ দিনত গছজোপাৰ তলত বহি খেল-ধেমালি কৰাৰ উপৰি গছজোপাৰ তলত জিৰণি লয় । কিন্তু তেনে এজোপা গছ কাটি পেলোৱাত শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বিভিন্ন দল-সংগঠনে ।

আনহাতে, সংবাদ মাধ্যমৰ তৰফৰ পৰা পাভৈ বনাঞ্চলিক বিষয়াগৰাকীৰ পৰা বিষয়টো সন্দৰ্ভত জানিব বিচৰাত বন বিষয়া সুজিৎ নৰহে স্পষ্টভাৱে কয় যে বিদ্যালয় চৌহদত গছকটা সন্দৰ্ভত কোনো অনুমতি লোৱা নাই বিদ্যালয় কৰ্তৃপক্ষই । এইক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে বন বিষয়াগৰাকীয়ে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details