Free bicycles distribution in assam : বিনামূলীয়া চাইকেল বিতৰণৰ নামত ধন সংগ্ৰহৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে - বিনামূলীয়াকৈ প্ৰদান কৰিছে চাইকেল
Published : Oct 16, 2023, 1:23 PM IST
ডিব্ৰুগড়,16 অক্টোবৰ: ৰাজ্য চৰকাৰে সকলো চৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীক বিনামূলীয়াকৈ প্ৰদান কৰিছে চাইকেল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয়সমূহৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰি থকা বিনামূলীয়া চাইকেলৰ বাবদ ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ নকৰিবলৈ শিক্ষক সকলক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছিল । ইয়াৰ মাজতে মৰাণৰ এখন বিদ্যালয়ত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে ।
চৰাইদেউ জিলাৰ মৰাণৰ ৰাইদঙীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰেণ চুতীয়াৰ বিৰুদ্ধে উত্থাপন হৈছে চাইকেলৰ বাবদ 100 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ । বিদ্যালয়খনৰ ছাত্ৰই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে প্ৰধান শিক্ষকে ধন সংগ্ৰহ কৰাৰ কথা । জানিব পৰা অনুসৰি বিদ্যালয়লৈ চাইকেলসমূহ অনাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ পৰা 100 টকাকৈ সংগ্ৰহ কৰা হৈছিল ।
ৰাজ্যৰ কেইবাজনো শিক্ষকে এই ধৰণেৰে ধন সংগ্ৰহ কৰাৰ পাছতেই শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰাত চৰাইদেউ জিলাৰ মৰাণৰ ৰাইদঙীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক সংগ্ৰহ কৰা ধন ঘূৰাই দিব বুলিও ছাত্ৰসকলে জানিবলৈ দিছে । আনহাতে ধন সংগ্ৰহৰ অভিযোগ নস্যাৎ কৰে প্ৰধান শিক্ষকজনে । লগতে বৰ্তমান পৰ্যন্ত চাইকেলসমূহ বিতৰণ কৰা হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে শিক্ষকজনে ।